মধ্য প্ৰদেশত অন্ধ বিশ্বাসৰ ভয়ংকৰ পৰিণাম। গোৱালিয়ৰ জিলাৰ দুগৰাকী যৌন কৰ্মীক বলি দিলে এটা নিঃসন্তান দম্পত্তিয়ে।
মধ্য প্ৰদেশত অন্ধ বিশ্বাসৰ ভয়ংকৰ পৰিণাম। গোৱালিয়ৰ জিলাৰ দুগৰাকী যৌন কৰ্মীক বলি দিলে এটা নিঃসন্তান দম্পত্তিয়ে।
মধ্য প্ৰদেশত অন্ধ বিশ্বাসৰ ভয়ংকৰ পৰিণাম। গোৱালিয়ৰ জিলাৰ দুগৰাকী যৌন কৰ্মীক বলি দিলে এটা নিঃসন্তান দম্পত্তিয়ে। দেওবাৰে পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা। জানিব পৰা মতে, সন্তান কামনাৰে এজন তান্ত্ৰিকৰ কথা শুনি মাত্ৰ এসপ্তাহত দুগৰাকী যৌন কৰ্মীক বলি দিয়ে দম্পত্তিটোৱে।
ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তান্ত্ৰিক গিৰৱাত যাদৱ, বাণ্টু ভাদুৰিয়া আৰু তেওঁৰ পত্নী মমতাক আটক কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ১৩ অক্টোবৰত প্ৰথমটো আৰু ২০ অক্টোবৰত দ্বিতীয়টো নৰবলি ঘটনা সংঘটিত কৰিছিল।
যোৱা ১৮ বছৰে সন্তান লাভৰ আশাত বহু মঠ-মন্দিৰত পূজা অৰ্চনা কৰিছিল যদিও বাণ্টু আৰু মমতাই সন্তানৰ মুখ দেখা নাছিল। আৰু তেনেসময়তে তান্ত্ৰিক গিৰৱাৰ যাদৱক সাক্ষাত কৰে। আৰু গিৰৱাৰ পৰামৰ্শতে দুগৰাকী যৌনকৰ্মীক বলি দিয়ে দম্পত্তিটোৱে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|