মুম্বাইৰ পৰা মাত্ৰ ১২৫কিলোমিটাৰ দূৰৈৰ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ এখন সৰু গাঁৱত সংঘটিত বীভৎস হত্যাকাণ্ডই সমগ্ৰ দেশত জোকাৰণিৰ সৃষ্টি কৰিছে। সন্দেহৰ কাৰণেই উন্মত্ত ভিৰে এজন ৭০বছৰীয়া বৃদ্ধ সহ তিনিজন লোকক মৰিয়াই হত্যা কৰে। গাঁৱখনত এই উৰাবাতৰি বিয়পি পৰিছিল যে ব্যক্তিকেইজন সোপাধৰা আৰু সৰু ল’ৰা–ছোৱালী কিডনেপ কৰি কিডনী আদি অংগ বিক্ৰী কৰা চক্ৰৰ অংশ।
গাৰচিনচলে গাঁৱৰ বীভৎস ঘটনাৰ লোমহৰ্ষক দৃশ্য ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিওত দেখা গৈছে হাতে হাতে লাঠি, শিল লৈ উন্মত্ত লোকে আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ কৰিছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু ভিৰে ৭০বছৰীয়া বৃদ্ধ সহ দুইজনক অতি নিৰ্মমভাৱে হত্যা কৰিছে। নিহত দুৰ্ভগীয়া ব্যক্তিকেইজনৰ দুজন ‘জোনা আখাৰা’ৰ সাধু আৰু তৃতীয়জন তেওঁলোকৰ গাড়ী চালক। ভিডিওত দেখা গৈছে অসহায় ৭০বছৰীয়া বৃদ্ধজনে ভিৰৰ ‘মাৰ মাৰ’ চিঞৰৰ মাজত প্ৰাণৰ আতুৰত কান্দিছে আৰু ৰক্তাক্ত অৱস্থাত ব্যক্তিজনে প্ৰাণভিক্ষা কৰিঠে। মূৰৰ পৰা তেওঁৰ তেজ ওলাই আছে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ চেষ্টা কৰি আছে। ক্ষন্তেক সময় পিছতে ভিৰে আৰক্ষীৰ বাহনৰ গ্লাছ ভাঙিবলৈ ধৰে আৰু গাড়ীখন চুচূৰ্মৈ কৰি পেলায় স্থানীয় উন্মত্ত লোকে।
সমগ্ৰ দেশত সকলোৰে বুকু কঁপাই তোলা এই কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই। এই কাণ্ডত জৰিত আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা তেওঁ প্ৰকাশ কৰিছে। আৰক্ষীয়ে মুঠ ১১০জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু তাৎপৰ্যপূৰ্ণ যে ইয়াৰে ৯জন নাবালিক লোক। এই আক্ৰমণত আৰক্ষীৰো কিছু লোক আহত হয়।
নিহত সাধু কেইজনক সুশীল গিৰি মহাৰাজ (৩৫), চিকানে মহাৰাজ কল্পবৃক্ষগিৰি (৭০) আৰু নীলেশ টালগানে (৩৫) বুলি চিনাক্ত কৰা হৈছে। চুৰাটৰ পৰা তেওঁলোকে পৰিচিত এজনৰ অন্তেষ্ট্যিক্ৰিয়াত অংশ ল’বলৈ গৈ আছিল। এই ঘটনাৰ তদন্ত দাবী কৰিছে বিজেপিয়ে।
Published by: Tulika Devi
FIRST PUBLISHED : April 20, 2020, 08:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|