জ্যোতিৰাদিত্য সিন্ধিয়া, জিতিন প্ৰসাদ বিজেপিলৈ যোৱাৰ পাছত এতিয়া ৰাহুলৰ সোঁৱে-বাঁৱে আছে শচীন পাইলট আৰু মিলিন্দ দেওৰা।
ইউপিএ (UPA) চৰকাৰত কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা জিতিন প্ৰসাদ (Jitin Prasada)এ বুধবাৰে কংগ্ৰেছ (Congress) এৰি বিজেপি (BJP) লৈ গমন কৰাৰ পাছত কংগ্ৰেছততো মোক্ষম আঘাট পৰিছেই, ভিতৰি ভিতৰি থকাসৰকা হৈছে ৰাহুল গান্ধী (Rahul Gandhi)ও। জিতিন প্ৰসাদৰ লগে লগে ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ বুলি জনাজাত ৪ বন্ধুৰ ভিতৰত ২ জন ইতিমধ্যে বিজেপিলৈ গ’ল। জিতিন প্ৰসাদৰ আগতে মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগদান কৰিছিল।
ৰাহুল গান্ধী যেতিয়া কংগ্ৰেছৰ সভাপতি হৈছিল তেতিয়া সবাতোকৈ চৰ্চিত নেতা কেইজনেই আছিল জ্যোতিৰাদিত্য সিন্ধিয়া, জিতিন প্ৰসাদ, শচীন পাইলট আৰু মিলিন্দ দেওৰা। জ্যোতিৰাদিত্য সিন্ধিয়া, জিতিন প্ৰসাদ বিজেপিলৈ যোৱাৰ পাছত এতিয়া ৰাহুলৰ সোঁৱে-বাঁৱে আছে শচীন পাইলট আৰু মিলিন্দ দেওৰা।
পিছে শচীন আৰু মিলিন্দ কিমান দিন ৰাহুলৰ কাষত থাকিব তাৰ কোনো নিশ্চয়তা নাই! ৰাজস্থানৰ যুৱ নেতা শচীন পাইলটক লৈ বিগত বৰ্ষত ডাঙৰ হাংগামা হৈ গৈছে কংগ্ৰেছত। শেষ মুহূৰ্তত যদিও শচীন পাইলটে দল ত্যাগৰ দৰে সিদ্ধান্ত নল’লে কিন্তু এবাৰ তিতা পোৱাৰ পাছত দ্বিতীয়বাৰ তেওঁক ৰখোৱাটো জটিল হ’ব বুলিয়েই ধাৰণা কৰিছে বহুজনে। আনহাতে মিলিন্দ দেওৰাক লৈ এতিয়াও ৰাহুলৰ কোনো বিপদ হোৱা নাই যদিও বিগত সময়ত কেইবাবাৰো দলৰ নেতা আৰু দলৰ কিছু কাম-কাজক লৈ মুকলিকৈ অসন্তোষ ব্যক্ত কৰিছিল মিলিন্দ দেওৰাইও।
ৰাহুলৰ সন্মুখত আছে উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনৰ অগ্নী পৰীক্ষা। এনে সময়ত নিজৰ বিশ্বস্ত বন্ধুসকলক কেনেকৈ নিজৰ কাষত ৰাখিব সেয়া হৈছে ৰাহুলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|