உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Omicron India Cases : ভাৰতত ১৪৫ জনলৈ বৃদ্ধি অমিক্ৰনত সংক্ৰমিতৰ সংখ্যা, বিদেশৰ পৰা অহা আৰু দুজনৰ সংক্ৰমণ

    Omicron India Cases : ভাৰতত ১৪৫ জনলৈ বৃদ্ধি অমিক্ৰনত সংক্ৰমিতৰ সংখ্যা, বিদেশৰ পৰা অহা আৰু দুজনৰ সংক্ৰমণ

    Omicron Variant Cases in India

    Omicron Variant Cases in India

    Omicron India Cases : ইংলেণ্ডৰ পৰা গুজৰাটলৈ অহা দুজন লোকক আজি অমিক্ৰন পজিটিভ পোৱা হয়।

    • Share this:
    ভাৰতত এই পৰ্যন্ত অমিক্ৰন (Omicron)ৰ দ্বাৰা সংক্ৰমণ হোৱা লোকৰ সংখ্যা ১৪৫ জনলৈ বৃদ্ধি পালে। আজি আৰু দুজন লোকৰ দেহত নতুনকৈ অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰে। গুজৰাট (Gujarat)ৰ এই লোক দুজন বিদেশৰ পৰা আহিছিল। সংক্ৰমিত দুজনৰ এজন ৪৫ বছৰীয়া NRI আৰু আনজন এজন যুৱক। দুয়োজনেই ইংলেণ্ড (UK)ৰ পৰা ভাৰতলৈ আহিছিল।

    উল্লখ্য যে ইংলেণ্ডত বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্বাধিক কোৰোণা (Corona Virus) সংক্ৰমণ হৈ আছে আৰু দেশখনত অমিক্ৰনৰ সংক্ৰমণেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ১৫ ডিচেম্বৰত লোক দুজন আহমেদাবাদ বিমান বন্দৰ (Ahmedabad Airport)ত অৱতৰণ কৰাৰ লগে লগে পৰীক্ষা কৰা হৈছিল আৰু দুয়োজনকে কোৰোণা পজিটিভ (Corona Positive) পোৱা গৈছিল। লগে লগেতেওঁলোকৰ নমুনা অমিক্ৰন পৰীক্ষাৰ বাবে প্ৰৰণ কৰা হয়। আজি দুয়োজনৰ দেহত অমিক্ৰন ভেৰিয়েণ্ট (Omicron Variant) থকাটো নিশ্চিত হয়। ইয়াৰে ৪৫ বছৰীয়া লোকজন আহমেদাবাদ অসামৰিক হাস্পতালত ভৰ্তি হৈ আছে আৰু তেওঁ আৰোগ্যৰ পথত বুলি জানিব পৰা গৈছে। আনহাতে ১৫ বছৰীয়া যুৱকজন হৈছে গান্ধীনগৰৰ। যুৱকজনক

    এই পৰ্যন্ত দেশৰ ১১খন ৰাজ্যত অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। মহাৰাষ্ট্ৰ (Maharshtra)ত সৰ্বাধিক ৪৮গৰাকী লোক অমিক্ৰনত সংক্ৰমিত হৈছে। শনিবাৰে ৰাজ্যখনত নতুনকৈ আৰু ৮ গৰাকী লোক অমিক্ৰমিত হৈছিল। এতিয়ালৈ দিল্লীত ২২, ৰাজস্থানত ১৭, তেলেংগানাত ২২ আৰু কৰ্ণাটকত ১৪ গৰাকী লোক অমিক্ৰনত সংক্ৰমিত হৈছে।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: