ঝাৰখণ্ডত মাওবাদীৰ সৈতে তুমুল সংঘৰ্ষত দুই সেনা জোৱান শ্বহীদ

শ্বহীদ জোৱান দুজনক খঞ্চন মাহাতো আৰু অখিলেশ ৰাম বুলি চিনাক্ত কৰা হৈছে।

News18-Assam
Updated:October 4, 2019, 12:50 PM IST
ঝাৰখণ্ডত মাওবাদীৰ সৈতে তুমুল সংঘৰ্ষত দুই সেনা জোৱান শ্বহীদ
FILE PHOTO (Photo Credit : News18 Hindi)
News18-Assam
Updated: October 4, 2019, 12:50 PM IST
ঝাৰখণ্ডৰ হেছাপিৰি জংঘলত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তুমুল সংঘৰ্ষ। এই সংঘৰ্ষত শ্বহীদ হৈছে দুগৰাকী সেনা জোৱান। কেইবাজনো জোৱান আহত হোৱাৰ খবৰ আহিছে এই সংঘৰ্ষত। আহতকেইজনক ৰাঁচীৰ মেডিকা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অঞ্চলটোত মাওবাদীৰ দলে ঘাটি পতাৰ খবৰ লাভ কৰি নিৰাপত্তাৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে দুয়োপক্ষৰ মাজত হয় প্ৰচণ্ড গুলীবৰ্ষণ।

শ্বহীদ জোৱান দুজনক খঞ্চন মাহাতো আৰু অখিলেশ ৰাম বুলি চিনাক্ত কৰা হৈছে। খঞ্চন মাহাতো ৰাঁচীৰ সোণাহাতু থানাৰ অন্তৰ্গত চেইনপুৰ গাঁৱৰ বাসিন্দা আছিল। আনহাতে, অখিলেশ ৰাম পলামুৰ লেছলীগঞ্জ থানাৰ অন্তৰ্গত কুন্দ্ৰী গাঁৱৰ বাসিন্দা আছিল। সূত্ৰ অনুসৰি দশম ফল অঞ্চলত মাওবাদীৰ জ’নেল কমাণ্ডাৰ মহাৰাজ প্ৰামাণিকে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰি অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি