নতুন দিল্লীঃ আৰু এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ৰক্ষা পৰিল ৰাজধানী দিল্লী। দিল্লী আৰক্ষীৰ তৎপৰতাৰ কাৰণে ভয়ংকৰ কূটাঘাত ৰোধ হয়। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জৈইশ-ই-মহম্মদৰ সৈতে জৰিত দুই সন্ত্ৰাসবাদীক সোমবাৰে নিশা অভিযান চলাই দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে এক বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰিছিল সংগঠনটোৱে। সূত্ৰৰ পৰা পোৱা খবৰ মতে অভিযান চলায় দিল্লী আৰক্ষীয়ে।
ইতিমধ্যে দুই অপৰাধীক জিম্মাত লৈ সোধা–পোচা আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, জম্মু–কাশ্মীৰৰ বাসিন্দা দুই সন্ত্ৰাসবাদীয়ে দিল্লীৰ চাৰাই কালে অঞ্চলৰ মিলেনিয়াম পাৰ্কৰ কাষত বাহৰ পাতিছিল। তেওঁলোকৰ পৰা ২টা ছেমি অট’মেটিক পিষ্টল, দহ ৰাউণ্ড গুলী আছিল। নিশা ১০ বাজি ১৫ মিনিটত আৰক্ষীৰ ওচৰত দুয়ো ধৰা পৰে।
দুইটা সন্ত্ৰাসবাদীৰ এটাৰ নাম চানাউল্লাহ মীৰ। সি বাৰামূলা অঞ্চলৰ পালাৰ বাসিন্দা। মাত্ৰ ২২ বছৰ বয়সীয়া। আনজনৰ নাম আচৰফ খান। কুপৱাৰাৰ হাটমুল্লা গ্রামৰ বাসিন্দা তেওঁ।
আগষ্ট মাহতো এনে বৃহৎ আক্ৰমণ ৰোধ কৰিছিল দিল্লী আৰক্ষীয়ে। অপৰাধীক কৰায়ত্ব কৰাৰ লগতে ১৫কেজি বিস্ফোৰক উদ্ধাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|