ঘৰৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু দুই শিশুৰ, কোৰোণাৰ ভয়ত তলাবন্ধ কৰি থৈছিল পিতৃ–মাতৃয়ে

News18 Assam | News18-Assam
Updated:March 31, 2020, 4:58 PM IST
ঘৰৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু দুই শিশুৰ, কোৰোণাৰ ভয়ত তলাবন্ধ কৰি থৈছিল পিতৃ–মাতৃয়ে
তলাবন্ধ থকাৰ ফলত ঘৰৰ পৰা ওলাব নোৱাৰিলে নিষ্পাপ শিশু দুটিয়ে।

তলাবন্ধ থকাৰ ফলত ঘৰৰ পৰা ওলাব নোৱাৰিলে নিষ্পাপ শিশু দুটিয়ে।

  • Share this:
কোৰোণা ভাইৰাছৰ আতংকৰ মাজতে ঘৰৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হ’ল দুই শিশুৰ। কোৰোণা ভাইৰাছৰ ভয়ত শিশু দুটিক ঘৰৰ ভিতৰত থৈ বাহিৰৰ পৰা তলা লগাই থৈছিল পিতৃ–মাতৃয়ে। ঘটনাটো উত্তৰ প্ৰদেশৰ কুশীনগৰৰ। খবৰ অনুসৰি, শিশু দুটিক ভিতৰত ৰাখি বাহিৰৰ পৰা তলা মাৰি থৈছিল পিতৃ–মাতৃয়ে। সেই সময়তে ঘৰৰ ভিতৰত ৰন্ধ গেছৰ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হয়। তলাবন্ধ থকাৰ ফলত ঘৰৰ পৰা ওলাব নোৱাৰিলে নিষ্পাপ শিশু দুটিয়ে।

এই হৃদয়বিদাৰক ঘটনাটো পডৰৌনা কোটৱালীৰ গম্ভীৰিয়া গাঁৱত সংঘটিত হৈছে। অগ্নিকাণ্ডৰ সংয়ত শিশু দুটিয়ে বাহিৰলৈ ওলাই অহাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু দুৱাৰ বন্ধ থকাৰ ফলত বাহিৰলৈ ওলাব নোৱাৰিলে শিশু দুটিয়ে। ঘটনাৰ সবিশেষ তথ্য আহিবলৈ এতিয়াও বাকী।
Published by: Sanjay Kumar Das
First published: March 31, 2020, 4:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি