মুখ্যপৃষ্ঠা »খবৰ »দেশ »Punjab: পঞ্জাৱৰ ফৰিদকোটৰ গুৰদ্বাৰাত নেতৃত্বক লৈ দুটা গোটৰ সংঘৰ্ষ, ইজনে সিজনক কৃপাণেৰে আক্ৰমণ

Punjab: পঞ্জাৱৰ ফৰিদকোটৰ গুৰদ্বাৰাত নেতৃত্বক লৈ দুটা গোটৰ সংঘৰ্ষ, ইজনে সিজনক কৃপাণেৰে আক্ৰমণ

Punjab Gurdwara: এই বিবাদ আৰম্ভ হৈছিল গুৰদ্বাৰা চাহাবৰ বৰ্তমান কমিটী আৰু পূৰ্বৰ কমিটীৰ সদস্যসকলৰ মাজত।

  • Share this:
পঞ্জাৱৰ ফৰিদকোটত শনিবাৰে গুৰদ্বাৰাৰ ভিতৰত নেতৃত্বক লৈ দুটা গোটৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। দুয়োটা গোটৰ মাজত বিবাদ ইমানেই বৃদ্ধি পালে যে দুয়ো পক্ষই ইজনে সিজনক কৃপাণেৰে আক্ৰমণ কৰে। লাভ কৰা তথ্য অনুসৰি প্ৰথমতে  ফৰিদকোটত গুৰদ্বাৰা চাহেবৰ মুৰব্বী সন্দৰ্ভত দুয়োটা গোটৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক হৈছিল। অলপ পিছতে বিতৰ্কই সংঘৰ্ষলৈ ৰূপান্তৰিত হয়।

গুৰু গ্ৰন্থ চাহেবৰ সান্নিধ্যত গুৰুদ্বাৰ চাহাবৰ মৰ্যাদাক উলংঘা কৰি দুয়োটা দলে ইজনে সিজনক কৃপাণেৰে আক্ৰমণ কৰে। এই আক্ৰমণত এগৰাকী মহিলা ভক্ত আহত হোৱাৰো খবৰ আহিছে।  এই বিবাদ আৰম্ভ হৈছিল গুৰদ্বাৰা চাহাবৰ বৰ্তমান কমিটী আৰু পূৰ্বৰ কমিটীৰ সদস্যসকলৰ মাজত। এই বিতৰ্কৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে। ঘটনাটোক লৈ এক বিশৃংখল পৰিস্থিতিৰো সৃষ্টি হয়৷

শেহতীয়া বাতৰি