ব্ৰিটেইনৰ পৰা অহা ২জন কোৰোণা পজিটিভ দিল্লী বিমানবন্দৰৰ পৰা অন্তৰ্ধান! এইকেইখন ঠাইলৈ গ’ল মনে মনে

মঙলবাৰে ব্ৰিটেইনৰ (Britain)পৰা ভাৰতলৈ অহা পাঁচজন কোৰোণা ভাইৰাছৰ সংক্ৰমিত ব্যক্তি (Coronavirus) দিল্লী বিমানবন্দৰৰ পৰা অন্তৰ্ধান হৈ পৰে। ইয়াৰে ৩জনৰ সন্ধান পোৱা গ’ল যদিও দুজনৰ এইপৰ্যন্ত সন্ধান নাই।
মঙলবাৰে ব্ৰিটেইনৰ (Britain)পৰা ভাৰতলৈ অহা পাঁচজন কোৰোণা ভাইৰাছৰ সংক্ৰমিত ব্যক্তি (Coronavirus) দিল্লী বিমানবন্দৰৰ পৰা অন্তৰ্ধান হৈ পৰে। ইয়াৰে ৩জনৰ সন্ধান পোৱা গ’ল যদিও দুজনৰ এইপৰ্যন্ত সন্ধান নাই।
- News18 Assam
- Last Updated: December 24, 2020, 1:31 PM IST
ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি মঙলবাৰে ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা পাঁচজন কোৰোণা ভাইৰাছ সংক্ৰমিত ব্যক্তি দিল্লী এয়াৰপৰ্টৰ পৰা অন্তৰ্ধান হৈ পৰে। তেওঁলোকৰ কোনো শুংসূত্ৰ পোৱা নাই। অৱশ্যে ইয়াৰে তিনিজন মানুহ দিল্লীৰ ওচৰতে মঙলবাৰে ধৰা পৰে। আনহাতে এজন কোৰোণা ভাইৰাছ সংক্ৰমিত ব্যক্তি জলন্ধৰলৈ যায় আৰু আনজন অন্ধ্ৰপ্ৰদেশ পায়গৈ। তেওঁলোকক বুধবাৰে দিল্লীলৈ উভতাই অনা হয়।
সূত্ৰমতে কোৰোণা সংক্ৰমিত ব্যক্তিৰ এজন অমৃতসৰৰ পণ্ডোৰী গাঁৱৰ এজন ৪৬বছৰীয়া ব্যক্তি আছিল। তেওঁ কাকো ভূ নিদিয়াকৈ দিল্লী এয়াৰপৰ্টৰ পৰা ওলাই যায় আৰু জলন্ধৰত গৈ ব্যক্তিগত হাস্পতালত নিজৰ চেকআপ কৰায়। লুধিয়ানাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত সন্দীপ কুমাৰে কয় যে ৰোগীজনক বুধবাৰে দিল্লীলৈ উভতাই পঠিওৱা হয়। তেওঁৰ শৰীৰত কোৰোণাৰ সংক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে অধিক জানিব পৰা হোৱা নাই।
আনহাতে ব্ৰিটেইনৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হোৱা ১১জন যাত্ৰীৰ মাজত কোৰোণা সংক্ৰমণৰ নিশ্চিতি কৰা হৈছে। জেনেটিক্স ডায়গনষ্টিক চেণ্টাৰৰ সংস্থাপক গৌৰী আগৰৱালে বুধবাৰে এই সন্দৰ্ভত অৱগত কৰে। দিল্লী বিমানবন্দৰত সকলো যাত্ৰীৰ কোৰোণা ভাইৰাছৰ নিৰীক্ষণৰ দায়িত্ব জেনেটিক্স ডায়গনষ্টিক চেণ্টাৰক অৰ্পণ কৰা হৈছে। এক বিবৃতিত আগৰৱালে কয় যে চাৰিখন বিমানৰ ৫০জন যাত্ৰীক বেলেগে বেলেগে ইনষ্টিইউচনেল কোৱাৰানটাইনত পঠিওৱা হৈছে।