কাণত হেডফোন, ম’বাইলত ভিডিঅ’ গেম, ছেকেণ্ডৰ ভিতৰতে ২ যুৱকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:January 2, 2020, 1:17 PM IST
কাণত হেডফোন, ম’বাইলত ভিডিঅ’ গেম, ছেকেণ্ডৰ ভিতৰতে ২ যুৱকৰ মৃত্যু
কাণত হেডফোন লগোৱাৰ ফলত শুনা নাছিল ৰে’লৰ শব্দও। ফলত মুহূৰ্তৰ ভিতৰতে মৃত্যু হ’ল যুৱক দুজনৰ।

কাণত হেডফোন লগোৱাৰ ফলত শুনা নাছিল ৰে’লৰ শব্দও। ফলত মুহূৰ্তৰ ভিতৰতে মৃত্যু হ’ল যুৱক দুজনৰ।

  • Share this:
কাণত হেডফোন লগাই ৰে’লপথত বহি ভিডিঅ’ গেম খেলি আছিল দুই যুৱক। গেমত ইমানেই মচগুল হৈ আছিল যে সকলো পাহৰি পেলাইছিল। কাণত হেডফোন লগোৱাৰ ফলত শুনা নাছিল ৰে’লৰ শব্দও। ফলত মুহূৰ্তৰ ভিতৰতে মৃত্যু হ’ল যুৱক দুজনৰ।

ঘটনাটো পশ্চিম বংগৰ মেদিনীপুৰৰ ৰামনগৰৰ। বুধবাৰে সন্ধিয়া অপূৰ্ব দাস আৰু সুব্ৰত পাত্ৰ নামৰ যুৱক দুজনে ৰে’ল লাইনৰ ওপৰত বহি ম’বাইলত গেম খেলি আছিল। সেই সময়তে দিঘাৰ পৰা হাওৰা অভিমুখে আহিছিল কণ্ডাৰী এক্সপ্ৰেছ ৰে’লখন। ৰে’লপথৰ ওপৰত যুৱক দুজন বহি থকা দেখি বাৰে বাৰে হৰ্ণ বজাইছিল চালকে।

কিন্তু কাণত হেডফোন লাগি থকাৰ বাবে দুই যুৱকে শুনা নাছিল ৰে’লৰ হৰ্ণ। যুৱক দুজন আঁতৰি নোযোৱাত ৰে’লখন ৰখোৱাৰ চেষ্টা কৰে চালকে। কিন্তু ৰে’লখন ৰোৱাৰ পূৰ্বেই খুন্দা মাৰে যুৱক দুজনক। ফলত থিতাতে নিহত হয় দুয়োজন যুৱক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি