লিংগ পৰিৱৰ্তন কৰা উত্তৰ-পূৱৰ প্ৰথমগৰাকী চিকিত্সক, কোৰোণাৰ বিৰুদ্ধে যুঁদ্ধত এতিয়া পালন কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা

তৃতীয় লিংগৰ লোকসকলৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত হয়টো মণিপুৰেই দেশৰ প্ৰথমখন ৰাজ্য।
তৃতীয় লিংগৰ লোকসকলৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত হয়টো মণিপুৰেই দেশৰ প্ৰথমখন ৰাজ্য।
- News18 Assam
- Last Updated: August 27, 2020, 2:43 PM IST

২৩ বছৰীয়া বেওন্সী লাইশ্ৰামে কিয় লৈছিল লিংগ পৰিৱৰ্তনৰ সিদ্ধান্ত? এই সন্দৰ্ভত তেওঁ কয় যে, ‘ইম্ফলৰ এইচ আৰ ডি একাডেমীত যেতিয়া মই অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিলো তেতিয়া মই অনুভৱ কৰিছিলো যে মই প্ৰকৃততে ল’ৰা নহয়। আৰু মই ‘এম বি বি এছ’ৰ তৃতীয় বৰ্ষ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত পৰিচয় প্ৰকাশ কৰা নাছিলো। মোক তেতিয়ালৈকে বেয়েন্স লাইশ্ৰম বুলিয়েই জানিছিল সকলোৱে। মই তেতিয়া মোৰ মন আৰু দেহৰ সৈতে খাপ খোৱা মোৰ ভাল লগা পোছাক পৰিধান কৰিছিলো। যাতে সমাজৰ আন লোক সকলৰ দৃষ্টিত মোৰ দেহৰ গঠন ধৰা নপৰে।’

পৰিয়ালৰ একেবাৰে কণিষ্ঠতম সন্তান আছিল বেওন্সী। সহজ নাছিল পশ্চিম ইম্ফলৰ কাকৱা লেইফ্ৰাকপাম লেইকাইৰ পৰা চিজা হাস্পতাললৈকে বাওন্সীৰ সেই সুদীৰ্ঘ যাত্ৰা।পুৰণি কথা মনত পেলাই বেওন্সীয়ে কয় যে, ‘মই য’লৈকে গৈছিলো মোৰ লগৰবোৰে মোক জোকাইছিল, তুচ্ছ-তাচ্ছিল্য কৰিছিল। এই মানসিক অশান্তিৰ পৰা হাত সাৰিবলৈকে নিজকে নিজৰ মাজত আবদ্ধ কৰি ৰাখিছিলো। সমাজখনত মোৰ পৰিচয় প্ৰতিষ্ঠা কৰাৰ লগতে মানুহক সেই পৰিচয় গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱাবৰ বাবে এক অবিৰত যুদ্ধত অৱতীৰ্ণ হৈছিলো।’

২০১৩ চনত বেওন্সীয়ে যেতিয়া ‘মিছ ট্ৰাঞ্চ কুইন’ নৰ্থ-ইষ্ট সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ লৈছিল তেতিয়াই নিজৰ নামটো বেওন্সী কৰি লৈছিল। পুডুচেৰীত লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছত বেওন্সীয়ে সমাজত নিজকে এগৰাকী তৃতীয় লিংগৰ মহিলা হিচাপে পৰিচয় দিবলৈ আৰম্ভ কৰে।

দিল্লীৰ বাবু জগজীৱনৰাম সোঁৱৰণী হাস্পতালত কাম কৰাৰ পাছত তেওঁ শ্বিলংস্থিত NEIGRIHMS-ত কণিষ্ঠ চিকিৎসক হিচাপে এবছৰ সেৱা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত ইম্ফলৰ চিজা চিকিৎসালয়ত আৱাসিক স্বাস্থ্য বিষয়া হিচাপে বেওন্সীয়ে যোগদান কৰে।
সদৌ মণিপুৰ নুপী মানৱী এছ’চিয়েশ্যনৰ নেত্ৰী তথা তৃতীয় লিংগৰ লোকসকলৰ হকে যুঁজ দিয়া মণিপুৰৰ অগ্ৰণী কৰ্মী চাণ্টা খুৰায়ে এনেদৰে কয়— “বেওন্সী নিজৰ কৰ্মক্ষেত্ৰত সঁচাকৈয়ে পাৰদৰ্শী। আমি তেওঁক এগৰাকী তৃতীয় লিংগৰ চিকিৎসক হিচাপে নাচাও। সকলোৰে লগত তেওঁ বন্ধুত্বমূলক আচৰণ কৰে। হাস্পতালত থকা কোভিড ৰোগীসকলৰ বাবেও তেওঁ যথেষ্ট কষ্ট কৰিছে।”
উল্লেখ্য যে, তৃতীয় লিংগৰ লোকসকলৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত হয়টো মণিপুৰেই দেশৰ প্ৰথমখন ৰাজ্য। টাকিল’পাতত থকা চৰকাৰী আদৰ্শ অন্ধ বিদ্যালয়ত ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সমাজ কল্যাণ বিভাগৰ সহযোগত ৪০খন বিছনাযুক্ত এই কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিছে ।