দেশত ১৯দিনলৈ বৃদ্ধি লকডাউন, ঠাই বিশেষে ৰেহাই দিয়াক লৈ কাইলৈ জাৰি হ’ব নিৰ্দেশনা

News18 Assam | News18-Assam
Updated:April 14, 2020, 10:53 AM IST
দেশত ১৯দিনলৈ বৃদ্ধি লকডাউন, ঠাই বিশেষে ৰেহাই দিয়াক লৈ কাইলৈ জাৰি হ’ব নিৰ্দেশনা
আগন্তুক এটা সপ্তাহ অতি কঠোৰ। ২০ এপ্ৰিললৈকে দেশৰ প্ৰতিটো এলেকা মূল্যায়ন।

আগন্তুক এটা সপ্তাহ অতি কঠোৰ। ২০ এপ্ৰিললৈকে দেশৰ প্ৰতিটো এলেকা মূল্যায়ন।

  • Share this:
অহা ৩ মে’লৈ লকডাউন বৃদ্ধিৰ ঘোষণাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি কয়, ‘বিশ্বৰ অন্য দেশৰ তুলনাত আমি যথেষ্ট ভাল অৱস্থাত আছো। সংক্ৰমণ ভাৰততকৈ অন্য দেশত ৩০গুণ বেছি। আমি একেলগে কাম কৰাৰ কাৰণে আজি এই অৱস্থাত আছো। আমি লকডাউন আৰু ছচিয়েল ডিচটেন্সিঙৰ ফল পাইছো।’

তেওঁ লগতে কয়, ‘আৰ্থিকভাৱে চালে আমি ক্ষতিগ্ৰস্ত হৈছো। কিন্তু জীৱন ৰক্ষা পৰিছে। আমি যি পথত চলিছো সেয়া সমগ্ৰ পৃথিৱীত চৰ্চিত হৈছে। প্ৰতিখন ৰাজ্যই ভাল কাম কৰিছে। কিন্তু তাৰ পিছতো কোৰোণা স্বাস্থ্য বিশেষজ্ঞসকল উদ্বিগ্ন। আমি কেনেকৈ জয়ী হ’ম? এই সন্দৰ্ভত মই ৰাজ্যসমূহৰ সৈতে কথা পাতিছো। সকলোৱে লকডাউন বৃদ্ধিৰ পৰামৰ্শ দিছে। কেইবাখনো ৰাজ্যই এই সিদ্ধান্ত আগতেই লৈছে। আমি লকডাউন ৩মে’লৈকে অব্যাহত ৰাখিম।



প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘স্থানীয় স্তৰত এজনো লোক সংক্ৰমিত হ’ব নোৱাৰিব। এই কাৰণে হটস্পট বিলাক চিনাক্ত কৰি আৰু অধিক সতৰ্ক হৈ কাম–কাজ কৰিব লাগিব। দৃষ্টি ৰাখিব লাগিব সাম্ভাব্য হটস্পটবিলাকত। অহা এটা সপ্তাহত কোৰোণাৰ বিৰুদ্ধে যুঁজ আমি আৰু তীব্ৰতৰ কৰিব লাগিব। ২০এপ্ৰিললৈকে প্ৰতিটো এলেকাৰ মূল্যায়ন হ’ব। যি অঞ্চলত হটস্পট কমিব সেই ঠাইত বিশেষ অনুমতি দিয়া হ’ব।’
Published by: Tulika Devi
First published: April 14, 2020, 10:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি