• Home
  • »
  • News
  • »
  • nation
  • »
  • কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনাঃ মৃত্যুৰ সংখ্যা ১৮জনলৈ বৃদ্ধি, বহুজনৰ অৱস্থা সংকটজনক

কেৰালাত ভয়ংকৰ বিমান দুৰ্ঘটনাঃ মৃত্যুৰ সংখ্যা ১৮জনলৈ বৃদ্ধি, বহুজনৰ অৱস্থা সংকটজনক

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ফটো

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ফটো

অৱতৰণৰ সময়ত পিচলি যায় বিমানখন। ৰানৱে’ত পিচলি ৫০ ফুট গভীৰ খাৱৈত পৰে। দুটুকুৰা হয় বিমানখন।

  • Share this:
কেৰালাৰ কোঝিকোডত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে। ৰানৱে’ত পিচলি দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন দুটুকুৰা হৈ যায়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। শুকুৰবাৰে সংঘটিত হোৱা দুৰ্ঘটনাত বিমানখনে বন্দে ভাৰত মিছনৰ অধীনত বিদেশৰ পৰা ভাৰতীয় লোকক উদ্ধাৰ কৰি আনিছিল।



অৱতৰণৰ সময়ত পিচলি যায় বিমানখন। ৰানৱে’ত পিচলি ৫০ ফুট গভীৰ খাৱৈত পৰে। দুটুকুৰা হয় বিমানখন। এগৰাকী পাইলটে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়। দুৰ্ঘটনাৰ সময়ত দুজন পাইলট, পাঁচ জন কেবিন ক্ৰো সহ মুঠ ১৯১ গৰাকী যাত্ৰী আছিল বিমানখনত। বৰ্তমান চিকিত্‍সাধীন ১২৩ গৰাকী যাত্ৰীৰ ভিতৰত ১৫ জনৰ অৱস্থা সংকটজনক।



কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে জনাইছে যে, দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী উদ্ধাৰৰ সকলো ব্যৱস্থা কৰা হৈছে। এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।



এই ফ্লাইট খন আছিল IX1344 নম্বৰৰ। ডুবাইৰ পৰা বিয়লি ৪.৪৫ বজাত উৰা মাৰিছিল বিমানখন। আৰু কেৰালাৰ কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। সেইসময়ত বতৰ যথেষ্ট বেয়া আছিল। বিমানবন্দৰৰ ১০ ন্মবৰ ৰানৱেত লেণ্ডিং কৰাৰ সময়তে পিচলি যায় বিমানখনৰ চকা।
Published by:Himangshu Bhuyan
First published: