• Home
  • »
  • News
  • »
  • nation
  • »
  • ডুবাইৰ পৰা চেন্নাই পালেহি তিনি শিশু সহ ১৭৯গৰাকী লোক, দেশলৈ ঘূৰাই অনা হৈছে ৮খন বিমানেৰে বিদেশত থকা ভাৰতীয়ক

ডুবাইৰ পৰা চেন্নাই পালেহি তিনি শিশু সহ ১৭৯গৰাকী লোক, দেশলৈ ঘূৰাই অনা হৈছে ৮খন বিমানেৰে বিদেশত থকা ভাৰতীয়ক

বিদেশত আবদ্ধ ভাৰতীয়ক আনিবলৈ বিশেষ ব্যৱস্থা

বিদেশত আবদ্ধ ভাৰতীয়ক আনিবলৈ বিশেষ ব্যৱস্থা

বিদেশত আবদ্ধ ভাৰতীয়ক আনিবলৈ বিশেষ ব্যৱস্থা

  • Share this:
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিশেষ বিমানেৰে বিদেশত আবদ্ধ হৈ থকা ভাৰতীসকলক উভতাই আনিবলৈ লোৱা হৈছে বিশেষ ব্যৱস্থা। শনিবাৰে চেন্নাই আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰিলে ডুবাইৰ পৰা লৈ অহা ১৭৯গৰাকী লোকে।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ফালৰ পৰা জনোৱা মতে, IX 612 বিমানখনৰ জৰিয়তে দেশলৈ লৈ অনা হৈছে ডুবাইত আবদ্ধ হৈ থকা লোকসকলক। ইফালে IX 540 বিমানেৰে অতিৰিক্ত ১৭৭ গৰাকী যাত্ৰীক দেশলৈ লৈ অনা হ’ব বুলিও জানিবলৈ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ ‘বন্দে ভাৰত মিছন’ৰ অধীনত ল’ক ডাউনৰ ফলত বিদেশত আবদ্ধ হৈ থকা সকলক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। আমেৰিকা, ব্ৰিটেইন, বাংলাদেশ, মলেইছিয়া, ফিলিপাইন, ছিংগাপুৰ, ডুবাই, ছৌদি আৰৱ আদি দেশত আবদ্ধ হৈ থকা ভাৰতীয়ক দেশলৈ উভতাই লৈ অনা হৈছে। আজি ভাৰত পাবহি ৮খন বিমানেৰে বিদেশত আবদ্ধ হৈ থকা লোকসকল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি