ব্লাড কেঞ্চাৰৰ সৈতে যুঁজি থকা ৰাম্যা এদিনৰ বাবে হ’ল পুলিচ কমিচনাৰ

অতি কম বয়সতে কঠোৰ বাস্তৱৰ সৈতে যুঁজি থকা ৰাম্যাই যদিও জীৱন কি ভালদৰে বুজাই নাই, তথাপি কাৰোবাক লগ পালেই ডাঙৰ হৈ এগৰাকী আৰক্ষী বিষয়া হৈ দেশসেৱা কৰিব বুলি মন্তব্য কৰে।

News18-Assam
Updated:October 30, 2019, 11:26 AM IST
ব্লাড কেঞ্চাৰৰ সৈতে যুঁজি থকা ৰাম্যা এদিনৰ বাবে হ’ল পুলিচ কমিচনাৰ
অতি কম বয়সতে কঠোৰ বাস্তৱৰ সৈতে যুঁজি থকা ৰাম্যাই যদিও জীৱন কি ভালদৰে বুজাই নাই, তথাপি কাৰোবাক লগ পালেই ডাঙৰ হৈ এগৰাকী আৰক্ষী বিষয়া হৈ দেশসেৱা কৰিব বুলি মন্তব্য কৰে।
News18-Assam
Updated: October 30, 2019, 11:26 AM IST
কিশোৰীগৰাকীৰ বয়স ১৭ বছৰ। নাম ৰাম্যা। বৰ্তমান দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ৰাম্যা। কিন্তু এইখিনি বয়সতে এক কঠোৰ বাস্তৱৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাম্যা। দুৰাৰোগ্য তেজৰ কৰ্কট ৰোগত আক্ৰান্ত কিশোৰীগৰাকী। ৰাম্যাৰ সপোন – ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হ’ব, সমাজৰ সেৱা কৰিব। ৰাম্যাৰ সপোন বাস্তৱায়িত কৰিলে আৰক্ষীয়ে।

তেলেংগানাৰ ৰাচাকোণ্ডাৰ ঘটনা এয়া। তেজৰ কৰ্কট ৰোগৰ সৈতে যুঁজি থকা ১৭ বছৰীয়া ৰাম্যাৰ আৰক্ষী বিষয়া হোৱাৰ সপোন পূৰণ কৰিলে ৰাচাকোণ্ডা আৰক্ষীয়ে। এদিনৰ বাবে এই কিশোৰীগৰাকীক দিয়া হ’ল আৰক্ষী আয়ুক্তৰ পদ।

আৰক্ষী আয়ুক্তৰ আসনত বহি আনন্দিত হৈ পৰে ৰাম্যা। ৰাম্যাই কয় যে তেওঁ আৰক্ষী আয়ুক্তৰ আসনত বহি বিষয়াসকলক নিৰ্দেশ দিয়ে, যি নিৰ্দেশ বিষয়াসকলে পালনো কৰে। ৰাম্যাই কয় – আজি মই বহুত সুখী।



ভৱিষ্যতে এগৰাকী আৰক্ষী বিষয়া হৈ অঞ্চলটোৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ আশা পুহি ৰাখিছে ৰাম্যাই। লগতে মহিলাৰ ওপৰত হৈ থকা অত্যাচাৰৰ ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰতো প্ৰচেষ্টা চলাব বুলি মন্তব্য কৰে কিশোৰীগৰাকীয়ে।

কৰ্কট ৰোগত আক্ৰান্ত ৰাম্যাৰ চিকিৎসা বৰ্তমান নিম্ছ হায়দৰাবাদত চলি আছে। অতি কম বয়সতে কঠোৰ বাস্তৱৰ সৈতে যুঁজি থকা ৰাম্যাই যদিও জীৱন কি ভালদৰে বুজাই নাই, তথাপি কাৰোবাক লগ পালেই ডাঙৰ হৈ এগৰাকী আৰক্ষী বিষয়া হৈ দেশসেৱা কৰিব বুলি মন্তব্য কৰে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি