উত্তৰাখণ্ডৰ কাৰাগাৰত ওলাল ১৬গৰাকী এইডছ আক্ৰান্ত বন্দী, জে'ল কৰ্তৃপক্ষই দিলে এনে স্পষ্টীকৰণ

News18 Assam | News18-Assam
Updated:July 22, 2021, 10:45 PM IST
উত্তৰাখণ্ডৰ কাৰাগাৰত ওলাল ১৬গৰাকী এইডছ আক্ৰান্ত বন্দী, জে'ল কৰ্তৃপক্ষই দিলে এনে স্পষ্টীকৰণ
এই ঘটনা পোহৰলৈ অহাৰ পিছতে হালদৱানী কাৰাগাৰৰ আন্তঃগাঁথনিক লৈও প্ৰশ্ন উঠিছে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে হালদৱানী কাৰাগাৰৰ আন্তঃগাঁথনিক লৈও প্ৰশ্ন উঠিছে।

  • Share this:

উত্তৰাখণ্ডৰ হালদৱানী কাৰাগাৰত বন্দী হৈ থকা ১৬গৰাকী বন্দী এইচআইভি পজিটিভ। জেলত থাকোঁতে এইচআইভি নিশ্চিত হোৱা বন্দীসকলৰ ভিতৰত আছে ১৫গৰাকী পুৰুষ আৰু এগৰাকী মহিলা। গোচৰটো পোহৰলৈ অহাৰ পিছত কাৰাগাৰ প্ৰশাসনক জোকাৰি দিছে। বন্দীসকলৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত এইচআইভি ৰোগত আক্ৰান্ত বুলি জানিব পৰা যায়।


অৱশ্যে ইয়াৰে ৮গৰাকী বন্দী এইচ আই ভি পজিটিভ আছিল আৰু তেওঁলোক চিকিৎসাধীন হৈ আছিল। কিন্তু বাকী ৮গৰাকী বন্দী ৬ জুলাইত কৰা এক অনুসন্ধানত এইচ আই ভি পজিটিভ বুলি ধৰা পৰে। এই ঘটনা লুকুৱাই ৰখা হৈছিল যদিও পিছত পোহৰলৈ আহে।


এই সম্পৰ্কে হালদৱানী উপ-কাৰাগাৰৰ কাৰাগাৰ অধীক্ষক এছ কে সুখীজাই কয় যে এইচআইভি সংক্ৰমিত বন্দীসকলক বৰ্তমান আন বন্দীসকলৰ লগতে ৰখা হৈছে যদিও তেওঁলোকৰ বিশেষ যত্ন লোৱা হৈছে। দিয়া হৈছে পুষ্টিকৰ খাদ্য। কাৰাগাৰ অধীক্ষকৰ মতে, এইচআইভি পজিটিভ পোৱা সকলো বন্দীৰ বিচাৰ চলি আছে আৰু সকলোৱে এনডিপিএছ আইনৰ অধীনত কাৰাগাৰত আছে। সেয়েহে অনুমান কৰা হৈছে যে ড্ৰাগছৰ বেজীৰ বাবে বন্দীসকলৰ এইডছ হ'ব পাৰে। অৱশ্যে, এই সম্পৰ্কে আনুষ্ঠানিক নিশ্চিতি নাই।



এই ঘটনা পোহৰলৈ অহাৰ পিছতে হালদৱানী কাৰাগাৰৰ আন্তঃগাঁথনিক লৈও প্ৰশ্ন উঠিছে। কিয়নো ৫৩৫গৰাকী বন্দী ৰাখিব পৰা কাৰাগাৰত ৰখা হৈছে ১৫৫৮গৰাকী বন্দী। এনে অৱস্থাত স্বাভাৱিকতে বন্দীসকলে ইজনে সিজনৰ সংস্পৰ্শলৈ আহে। অৱশ্যে এইচ আই ভি পজিটিভ ৰোগীসকলক বৰ্তমান আন কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে।

Published by: Gautam Barman
First published: July 22, 2021, 10:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি