মহাৰাষ্ট্ৰৰ গাৰচিৰৌলীত আৰক্ষীৰ জীপত মাওবাদীৰ IED বিস্ফোৰণ ‍, ১৬জন আৰক্ষী জোৱান ছহীদ

বিগত দুটা বছৰত নিৰাপত্তা বাহিনীৰ ওপৰত মাওবাদীৰ আটাইতকৈ ভয়াৱহ আক্ৰমণ

news18assam
Updated:May 1, 2019, 5:56 PM IST
মহাৰাষ্ট্ৰৰ গাৰচিৰৌলীত আৰক্ষীৰ জীপত মাওবাদীৰ IED বিস্ফোৰণ ‍, ১৬জন আৰক্ষী জোৱান ছহীদ
বিগত দুটা বছৰত নিৰাপত্তা বাহিনীৰ ওপৰত মাওবাদীৰ আটাইতকৈ ভয়াৱহ আক্ৰমণ
news18assam
Updated: May 1, 2019, 5:56 PM IST
মহাৰাষ্ট্ৰৰ গাৰচিৰৌলীত মাওবাদীয়ে সংস্থাপন কৰা IED বিস্ফোৰণত ক্ষত বিক্ষত দুখন আৰক্ষীৰ জীপ, ১৬জনৰ মৃত্যু। ইয়াৰে এজন বাহন চালক আৰু ১৫জন আৰক্ষী জোৱান। বাহনদুখনত মুঠ ২৫জন জোৱান আছিল। পেট্ৰ’লিঙত ওলাইছিল বাহনদুখন।

নিউজ18ৰ সৈতে বাৰ্তালাপত গাৰচিৰৌলীৰ আৰক্ষী মহাপৰিদৰ্শকে জনায় যে এয়া অতি ভয়ংকৰ আক্ৰমণ আছিল। জোৱানসকলে এখন প্ৰাইভেট জীপত গৈছিল। ১৬জন জোৱান ছহীদ হোৱাৰ আশংকা কৰা হৈছে। তেওঁ কয় ২০১৮চনৰ ২২এপ্ৰিলত ইটাপল্লীত এক অভিযানৰ সময়ত ৪০জন মাওবাদীক হত্যা কৰা হৈছিল আৰু এয়া তাৰে প্ৰতিশোধ লৈছে।

২৪ঘণ্টাত দ্বিতীয়টো আক্ৰমণ

গাৰৌচিৰৌলীতে আজি পুৱা মাওবাদীয়ে এক পথ নিৰ্মাণ কোম্পানীৰ কমেও ২৫খন বাহনত অগ্নিসংযোগ কৰিছিল। গাৰচিৰৌলীৰ আৰক্ষী অধীক্ষক শৈলেশ বলকাৱাডে পিটিআইক কয় এই ঘটনা কুৰখেৰাৰ দাদাপুৰত সংঘটিত হয়।

বিগত মাহত ছত্তীশগঢ়ৰ দান্তেৱাৰাত লোকসভা নিৰ্বাচনৰ প্ৰথন পৰ্যায়ৰ ভোটিঙৰ প্ৰায় ৩৬ঘণ্টা পূৰ্বে মাওবাদীয়ে ডাঙৰ আক্ৰমণ কৰিছিল। বিজেপিৰ এটা ৰেলীক লক্ষ্য কৰি শ্যামগিৰি এলেকাত কৰা আক্ৰমণত বিজেপি বিধায়ক ভিমা মাণ্ডাৱী সহ পাঁচজন লোকৰ মৃত্যু হৈছিল।

আৰু চাওক পৰৱৰ্তী বাতৰি