মুখ্যপৃষ্ঠা »খবৰ »দেশ »১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ এইসমূহ নিয়ম, আপোনাৰ ওপৰত পৰিব পোনপটীয়া প্ৰভাৱ!

১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ এইসমূহ নিয়ম, আপোনাৰ ওপৰত পৰিব পোনপটীয়া প্ৰভাৱ!

এফালে, SBIৰ ডিপ’জিটত সুদৰ হাৰৰ সালসলনি, আনফালে একাংশ ৰাজ্যত চৰকাৰী বেংক খোলা আৰু বন্ধ কৰাৰ সময়ৰ সালসলনি ঘটিব।

এফালে, SBIৰ ডিপ’জিটত সুদৰ হাৰৰ সালসলনি, আনফালে একাংশ ৰাজ্যত চৰকাৰী বেংক খোলা আৰু বন্ধ কৰাৰ সময়ৰ সালসলনি ঘটিব।

  • Share this:
    ১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংক সম্বন্ধীয় কেইবাটাও নিয়ম। এফালে, SBIৰ ডিপ’জিটত সুদৰ হাৰৰ সালসলনি, আনফালে একাংশ ৰাজ্যত চৰকাৰী বেংক খোলা আৰু বন্ধ কৰাৰ সময়ৰ সালসলনি ঘটিব। জানি লওক কি কি সালসলনি ঘটিব ১ নৱেম্বৰৰ পৰা।

    ১. যদি আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক তেন্তে ১ নৱেম্বৰৰ পৰা সলনি হ’ব আপুনি জমা ৰখা ধনৰ সুদৰ হাৰ। দেশৰ ৪২ কোটি গ্ৰাহকৰ ওপৰত পৰিব ইয়াৰ প্ৰভাৱ। SBIৰ ৯ অক্টোবৰৰ ঘোষণা অনুসৰি, ১ লাখ টকালৈ ডিপ’জিটত সুদৰ হাৰ ০.২৫ শতাংশ হ্ৰাস কৰি ৩.২৫ শতাংশ কৰা হৈছে। ১ লাখতকৈ অধিক ডিপ’জিটত সুদৰ হাৰক ৰেপ’ ৰেটৰ সৈতে সংযুক্ত কৰা হৈছে। বৰ্তমান এই হাৰ ৩ শতাংশ।

    ২. মহাৰাষ্ট্ৰত বেংকৰ (PSU BANKS)ৰ নতুন সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। এতিয়া ৰাজ্যখনত সকলো বেংক একে সময়তে খোলা আৰু বন্ধ কৰা হ’ব। বেংকৰ কৰ্মসময় সাধাৰণতে পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ, কিন্তু ধনৰ লেনদেন হয় বিয়লি ৩.৩০ বজালৈ। মহাৰাষ্ট্ৰত বেংকৰ নতুন সময়সূচী বেংকাৰ্ছ কমিটীয়ে নিৰ্ধাৰণ কৰিছে, যিটো ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। নতুন সূচী অনুসৰি, বেংকসমূহ পুৱা ৯ বজাত খুলিব আৰু বিয়লি ৪ বজাত বন্ধ হ’ব। একাংশ বেংকৰ সময় পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ হ’ব।

    ৩. SBIৰ ঋণত নতুন সুদৰ হাৰ ৮.১৫ শতাংশৰ পৰা হ্ৰাস কৰি ৮.০৫ শতাংশ কৰা হৈছে। এই নতুন হাৰ ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে। ৰিজাৰ্ভ বেংকে ৰেপ’ৰেট হ্ৰাস কৰাৰ পিছতে SBI–এ হ্ৰাস কৰিছে সুদৰ হাৰ। দীপাৱলী উপলক্ষে ৰিজাৰ্ভ বেংকে জনসাধাৰণলৈ আগবঢ়াইছিল উপহাৰ। সেই অনুসৰি, ৰেপ’ ৰেট ৫.৪০ শতাংশৰ পৰা হ্ৰাস কৰি ৫.১৫ শতাংশ কৰিছিল। ইয়াৰ পিছতে SBI–এ হ্ৰাস কৰিছিল ঋণৰ সুদৰ হাৰ। ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই হাৰ।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি