আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাশ্মীৰলৈ যাব ১৭খন দেশৰ কূটনীতিবিদ

News18 Assam | News18-Assam
Updated:January 9, 2020, 10:06 AM IST
আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাশ্মীৰলৈ যাব ১৭খন দেশৰ কূটনীতিবিদ
দলটোত থাকিব বাংলাদেশ, ভিয়েটনাম, মালদীপ, দক্ষিণ কোৰিয়া, নাইজেৰিয়া আদি দেশৰ প্ৰতিনিধি।

দলটোত থাকিব বাংলাদেশ, ভিয়েটনাম, মালদীপ, দক্ষিণ কোৰিয়া, নাইজেৰিয়া আদি দেশৰ প্ৰতিনিধি।

  • Share this:
ভাৰতস্থিত আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেথ আই জাষ্টাৰসহ ১৬খন দেশৰ কূটনীতিবিদে আজি জম্মু–কাশ্মীৰ ভ্ৰমণ কৰিব। দুদিনীয়া কাৰ্যসূচীৰে জম্মু–কাশ্মীৰলৈ যাব দলটো। জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰাৰ পিছত এয়া কূটনীতিবিদৰ প্ৰথমটো ভ্ৰমণ।

দিল্লীৰ পৰা দলটো বিমানেৰে উপস্থিত হ’ব শ্ৰীনগৰত। তাৰ পৰা ৰাওনা হ’ব জম্মুলৈ। উপ–ৰাজ্যপাল জি চি মুৰ্মুৰ লগতে নাগৰিক সমাজৰ সৈতে আলোচনাত মিলিত হ’ব দলটো।

দলটোত থাকিব বাংলাদেশ, ভিয়েটনাম, মালদীপ, দক্ষিণ কোৰিয়া, নাইজেৰিয়া আদি দেশৰ প্ৰতিনিধি। ব্ৰাজিলৰ কূটনীতিবিদ আন্দ্ৰে এ কোৰিয়ে ডো লাগোৰো জম্মু–কাশ্মীৰ ভ্ৰমণৰ কাৰ্যসূচী আছিল। কিন্তু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে এই ভ্ৰমণসূচী বাতিল কৰিছে আন্দ্ৰেই।

উল্লেখযোগ্য যে কেইবাখনো দেশৰ কূটনীতিবিদে জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছৰ স্থিতি পৰ্যবেক্ষণৰ বাবে কাশ্মীৰ ভ্ৰমণৰ অনুমতি বিচাৰি ভাৰত চৰকাৰক অনুৰোধ জনাইছিল। ইয়াৰ পূৰ্বে ইউৰোপিয়ান সংঘৰ ২৩জনীয়া দলে ভ্ৰমণ কৰিছিল জম্মু–কাশ্মীৰ। এই পদক্ষেপৰ দ্বাৰা কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ অপ–প্ৰচাৰ নিঃশেষ কৰাৰ ক্ষেত্ৰত সহায় পাব ভাৰতে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি