CAAৰ বিৰোধৰ নামত ৰাজনৈতিক দলৰ‍ উচতনিত চলিছে হিংসা‘ ৰাষ্ট্ৰপতিক ব্যৱস্থা লোৱাৰ আহ্বান বিশিষ্ট নাগৰিকৰ

News18 Assam | News18-Assam
Updated:January 24, 2020, 6:53 PM IST
CAAৰ বিৰোধৰ নামত ৰাজনৈতিক দলৰ‍ উচতনিত চলিছে হিংসা‘ ৰাষ্ট্ৰপতিক ব্যৱস্থা লোৱাৰ আহ্বান বিশিষ্ট নাগৰিকৰ
হিংসাত্মক ঘটনাৱলী সংঘটিত কৰাসকলক শাস্তি বিহিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অনুৰোধ কৰে বিশিষ্ট নাগৰিকসকলে।

হিংসাত্মক ঘটনাৱলী সংঘটিত কৰাসকলক শাস্তি বিহিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অনুৰোধ কৰে বিশিষ্ট নাগৰিকসকলে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধৰ নামত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱা লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিক ব্যৱস্থা লোৱাৰ আহ্বান বিভিন্ন ক্ষেত্ৰৰ ১৫৪জন বিশিষ্ট ব্যক্তিৰ। এই আইনখনৰ নামত হিংসাত্মক ঘটনাৱলী সংঘটিত কৰাসকলক শাস্তি বিহিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক অনুৰোধ কৰে বিশিষ্ট নাগৰিকসকলে।

এই নাগৰিকসকলৰ মাজত আছে প্ৰাক্তন ন্যায়াধীশ, অসামৰিক সেৱাৰ বিষয়া, প্ৰতিৰক্ষা বিষয়া ইত্যাদি। ‘গণতান্ত্ৰিক সংস্থা’ সমূহৰ ৰক্ষণা–বেক্ষণৰ কাৰণে আইনী ব্যৱস্থা লোৱাৰ আহ্বান বিশিষ্ট সমাজৰ প্ৰতিনিধিসকলৰ। প্ৰাক্তন ন্যায়াধীশ তথা কেন্দ্ৰীয় প্ৰশাসনীয় ট্ৰিবুনেলৰ অধ্যক্ষ প্ৰমোদ কোহলীয়ে এই সমাজৰ নেতৃত্ব প্ৰদান কৰে। তেওঁলোকৰ অভিযোগ ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ ৰাজনৈতিক শক্তিৰ দ্বাৰা ‘প্ৰৰোচিত’। পিটিআইৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে দেশৰ বিভিন্ন বৰ্গৰ মানুহে অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে এনেদৰে আগুৱাই আহে ১৫৪জন বিশিষ্ট নাগৰিক।

আৰু চাওক
পৰৱৰ্তী বাতৰি