உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোৰোণাৰ ভয়ংকৰ সংক্ৰমণ! ল'ক ডাউন নহয়, আজিৰ পৰা ১৫ দিনৰ বাবে জনতা কাৰ্ফিউ

    কোৰোণাৰ ভয়ংকৰ সংক্ৰমণ! ল'ক ডাউন নহয়, আজিৰ পৰা ১৫ দিনৰ বাবে জনতা কাৰ্ফিউ

    বুধবাৰে নিশা ৮ বজাৰ পৰা আগন্তুক ১ মে পুৱা ৭ বজালৈকে ৰাজ্যজুৰি ১৪৪ ধাৰা বলৱত্ হৈ থাকিব।

    বুধবাৰে নিশা ৮ বজাৰ পৰা আগন্তুক ১ মে পুৱা ৭ বজালৈকে ৰাজ্যজুৰি ১৪৪ ধাৰা বলৱত্ হৈ থাকিব।

    বুধবাৰে নিশা ৮ বজাৰ পৰা আগন্তুক ১ মে পুৱা ৭ বজালৈকে ৰাজ্যজুৰি ১৪৪ ধাৰা বলৱত্ হৈ থাকিব।

    • Share this:
    কোৰোণাৰ দ্বিতীয় ঢৌৱে লৈছে ভয়ংকৰ ৰূপ। প্ৰতিদিনে বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা। মহাৰাষ্ট্ৰত বৰ্তমান অনিয়ন্ত্ৰিত হৈছে কোৰোণাৰ পৰিস্থিতি। ফলত উপায়ন্ত হৈ মহাৰাষ্ট্ৰ চৰকাৰে বুধবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে জনতা কাৰ্ফিউ। এই কথা জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই।

    বুধবাৰে নিশা ৮ বজাৰ পৰা আগন্তুক ১ মে'ৰ পুৱা ৭ বজালৈকে ৰাজ্যজুৰি ১৪৪ ধাৰা বলবৎ হৈ থাকিব। এই সময়ছোৱাত বন্ধ থাকিব হোটেল, ৰেষ্টুৰেণ্ট। কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বাছ বা লোকেল ট্ৰেইন চলিব। খোলা থাকিব বেংক সেৱা।

    ইফালে মহাৰাষ্ট্ৰ, পাঞ্জাৱ, ছত্তীশড়ত কোৰোণা পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে  প্ৰতিনিধি প্ৰেৰণ কৰিছে মোদী চৰকাৰে।

    মহাৰাষ্ট্ৰ চৰকাৰৰ তৰফৰ পৰা জনোৱা মতে, আগন্তুক ১ মে পৰ্যন্ত বৈধ বা উপযুক্ত কাৰণক বাদ দি ৰাস্তালৈ কোনো লোক ওলাব নোৱাৰিব। সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, পাব্লিক প্লেচ বন্ধ থাকিব। জৰুৰী আৰু অত্যাৱশ্যকীয় কামক বাদ দি আনসককলো ধৰণৰ কাম বন্ধ থাকিব।

    উল্লেখ্য যে, বিগত ১৪ দিনত দেশত যিমান লোক কোৰোণাত আক্ৰান্ত হৈছে তাৰে ৫৭ শতাংশ কেৱল মহাৰাষ্ট্ৰৰে। আৰু যিমান সংখ্যকৰ মৃত্যু হৈছে, তাৰ ৪৭ শতাংশ এই ৰাজ্যৰে।
    Published by:Himangshu Bhuyan
    First published: