মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»এটা ভাইৰেল ভিডিওই সলনি কৰি দিলে দহী-কচৰি বিক্ৰী কৰা এটি কিশোৰৰ ভাগ্য! গ্ৰাহকৰ ভিৰত এতিয়া অৰ্ডাৰ লোৱাই হৈ পৰিছে সমস্যা...Video

এটা ভাইৰেল ভিডিওই সলনি কৰি দিলে দহী-কচৰি বিক্ৰী কৰা এটি কিশোৰৰ ভাগ্য! গ্ৰাহকৰ ভিৰত এতিয়া অৰ্ডাৰ লোৱাই হৈ পৰিছে সমস্যা...Video

News18 Assam | News18-Assam
Updated:September 26, 2021, 3:43 PM IST
এটা ভাইৰেল ভিডিওই সলনি কৰি দিলে দহী-কচৰি বিক্ৰী কৰা এটি কিশোৰৰ ভাগ্য! গ্ৰাহকৰ ভিৰত এতিয়া অৰ্ডাৰ লোৱাই হৈ পৰিছে সমস্যা...Video
কোৰোণা মহামাৰীয়ে সৰ্বাধিক ক্ষতি কৰিলে সৰু সৰু দোকানী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক।

কোৰোণা মহামাৰীয়ে সৰ্বাধিক ক্ষতি কৰিলে সৰু সৰু দোকানী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক।

  • News18 Assam
  • Last Updated: September 26, 2021, 3:43 PM IST
  • Share this:
কোৰোণা মহামাৰীৰ ফলত বহুতে হেৰুৱালে নিজৰ জীৱিকা। বহুতে সলনি কৰিবলগীয়া হ'ল জীৱন জীৱিকাৰ পথ। বহুতে পৰিয়াল পোহপল দিয়াৰ স্বাৰ্থত সৰু সৰু কামত হাত দিবলগীয়া হৈছে। জীৱনৰ তাড়নাত পৰি এটি শিশুৱেও নিজৰ পৰিয়ালক সহায় কৰিবলৈ বহু কষ্ট কৰিবলগীয়া হৈছে।

কোৰোণা মহামাৰীয়ে সৰ্বাধিক ক্ষতি কৰিলে সৰু সৰু দোকানী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক। কম পইচাত পেট ভৰাবলৈ বহুলোক ৰাস্তাৰ কাষত দোকানবোৰলৈ আহিছিল। কিন্তু কোৰোণাৰ বাবে সেয়াও বন্ধ হৈ গ'ল। মানুহৰ চাকৰি গ'ল। কাম এৰি আঁতৰি যাবলগীয়া হ'ল নিজৰ গাঁৱলৈ।

কিন্তু এতিয়াও এনে লোক আছে, যিসকলে এনে দুৰ্যোগৰ সময়তো বিভিন্ন ধৰণে আনক সহায় কৰি আছে। গুজৰাটৰ আহমেদাবাদৰ এক ঘটনা পোহৰলৈ আহিছে। দহী কচৰি বিক্ৰী কৰা ১৪ বছৰীয়া এটি কিশোৰৰ ভিডিও শেহতীয়াকৈ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। নিজৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে কিশোৰজনে মানিকনগৰৰ ৰে'ল ষ্টেচনৰ কাষত দহী কচৰি বিক্ৰী কৰি আছে।





ছচিয়েল মিডিয়াত এই কিশোৰজনৰ ভিডিও ভাইৰেল হোৱাৰ পিছতে এতিয়া বহুলোকে দহী কচৰি খাবলৈ লাইন পাতিছে কিশোৰজনৰ ঠেলাখনৰ ওচৰত। এনে ভিৰ হৈছে যে, অৰ্ডাৰ লোৱাই সমস্যা হৈ পৰিছে।

এই কিশোৰজনৰ এটা ভিডিও ক্লীপ বিশাল নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছিল। লিখিছিল যে- ১৪ বছৰীয়া এই কিশোৰজনক সহায় কৰক, যি ১০ টকীয়া দহী কচৰি বিক্ৰী কৰি পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব লবলগীয়া হৈছে। ইয়াৰ পিছতে ভিডিওটো ভাইৰেল হৈ পৰে। আৰু কিশোৰজনৰ ওপৰত দহী কচৰি খাবলৈ মানুহে ভিৰ কৰে।
Published by: Himangshu Bhuyan
First published: September 26, 2021, 2:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি