মুখ্যপৃষ্ঠা »খবৰ »দেশ »Barmer Girl Viral Video : ছাগলী চৰোৱা ১৩ বছৰীয়া কিশোৰীৰ ক্ৰিকেট খেল দেখি মুগ্ধ শচীন তেণ্ডুলকাৰ, শ্বেয়াৰ কৰিলে ভিডিঅ'

Barmer Girl Viral Video : ছাগলী চৰোৱা ১৩ বছৰীয়া কিশোৰীৰ ক্ৰিকেট খেল দেখি মুগ্ধ শচীন তেণ্ডুলকাৰ, শ্বেয়াৰ কৰিলে ভিডিঅ'

ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা গ্ৰাম্য অলিম্পিকত মুমলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল।

ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা গ্ৰাম্য অলিম্পিকত মুমলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল।

ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা গ্ৰাম্য অলিম্পিকত মুমলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল।

  • Share this:

কালি অনুষ্ঠিত গৈ গ'ল ৱ'মেন প্ৰিমিয়াম লীগৰ নিলাম। অসমৰ মহিলা ক্ৰিকেটাৰৰ লগতে দেশৰ ভিন্ন ৰাজ্যৰ পৰা এই লীগখনৰ বাবে ক্ৰিকেটাৰ ক্ৰয় কৰা হৈছে, কোনো যদি কোটি কোনো ঠিক হৈছে লক্ষাধিক টকাত। এনে সময়তে ৰাজস্থানৰ এগৰাকী কিশোৰীৰ ক্ৰিকেট খেলা ভিডিঅ' হৈছে ভাইৰেল। কিশোৰীৰ শ্বট দেখি মুগ্ধ গৈ পৰা প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুৰকাৰেও (Sachin Tendulkar) ফেচবুকত শ্বেয়াৰ কৰে তেওঁৰ ভিডিঅ' (Rajasthan Viral Video)।


ৰাজস্থানৰ বাৰমেৰ জিলাৰ এখন সৰু গাঁৱৰ ১৩ বছৰীয়া ছোৱালী মুমল মেহাৰে বালিময় খেলপথাৰৰ মাজত বেটেৰে বল কোবোৱা প্ৰত্যক্ষ কৰি অকল শচীনেই নহয় বিজেপিৰ সাংসদেও ভিডিঅ' শ্বেয়াৰ কৰিছে। খালী ভৰিৰে খেলপথাৰত বেট ধৰা মুমল মেহেৰৰ ছন্দময় শ্বটৰ বহুতে প্ৰশংসা কৰা দেখা গৈছে (Barmer girl viral video)।


 

বাৰমেৰ জিলাৰ কানাছাৰ নামৰ গাঁৱৰ খেতিয়ক মথাৰ খানৰ ১৩ বছৰীয়া কন্যা মুমলৰ ২ জন ভাতৃ আৰু ৭ গৰাকী ভগ্নী আছে। পৰিয়ালটোৰ আৰ্থিক অৱস্থা অতি দুৰ্বল, যাৰ বাবে মুমল মেহৰত প্ৰতিভা থকাৰ পিছতো পৰিয়ালৰ সদস্যসকলে ক্ৰিকেটৰ বাবে উপযুক্ত প্ৰশিক্ষণ দিব পৰা নাই। বৰ্তমান বিদ্যালয়খনৰ প্ৰশিক্ষক ৰোশন খানে মুমল মেহেৰক ক্ৰিকেটৰ সূক্ষ্মতা সম্পৰ্কে কয়। লগতে দৈনিক ৩ৰ পৰা ৪ ঘণ্টা ধৰি অনুশীলন কৰায়। পঢ়া-শুনাৰ লগতে মুমলে ঘৰৰ কামতো মাকক সহায় কৰিব লগা হয়। ঘৰৰ ছাগলীবোৰো চৰাব লগা হয়।


ভাৰতীয় ক্ৰিকেট দলৰ বেটিং সূৰ্যকুমাৰ যাদৱৰ ডাঙৰ অনুৰাগী মুমল। যেতিয়াই মেচ হয় তেওঁ সূৰ্যকুমাৰ যাদৱৰ বেটিং চাই থাকে। তেওঁ কয় যে সূৰ্যকুমাৰৰ দৰে ময়ো লং শ্বট মাৰিবলৈ চেষ্টা কৰোঁ। মুমলৰ প্ৰশিক্ষক ৰোশনে কয় যে মুমলৰ ক্ৰিকেটৰ প্ৰতি প্ৰচণ্ড আকৰ্ষণ আছে। মুমলে পুৱা ৭ বজাৰ পৰা ৯ বজালৈ আৰু সন্ধিয়া ৪ বজাৰ পৰা ৬ বজালৈ ক্ৰিকেট অনুশীলন কৰে। ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা গ্ৰাম্য অলিম্পিকত মুমলে ভাল প্ৰদৰ্শন আগবঢ়াইছিল।

শেহতীয়া বাতৰি