ক্লাছ ৰুমত বহা বেঞ্চকলৈ দুই বন্ধুৰ মাজত প্ৰথমে তৰ্কা-তৰ্কি হৈছিল। কিন্তু এই ঘটনাৰ যি ভয়ংকৰ পৰিণতি হ’ল, সেয়া কল্পনাই কৰিব নোৱাৰি। বন্ধুৰ সৈতে হোৱা কাজিয়াৰ পিছত শ্ৰেণীকোঠাতে গুলীয়াই সহপাঠীক হত্যা কৰে এজন কিশোৰে। গুলীৰ শব্দত আতংকই বিৰাজ কৰে স্কুলৰ চৌহদত। আতংকিত হৈ পৰে অন্য শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল।
ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাত। শিখৰপুৰৰ সুৰজ ভন সৰস্বতী ইণ্টাৰ কলেজ নামৰ বিদ্যালয় খনত পঢ়ে দুয়োজন কিশোৰে। ক্লাছৰ অন্যান্য ছাত্ৰ-ছাত্ৰীয়ে জনাইছে যে, মঙলবাৰে দুয়োজন সহপাঠীৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ। কাজিয়াই
ক্ৰামাত্ ভয়ংকৰ ৰূপ লয়। আৰু পিছদিনা অভিযুক্ত কিশোৰজনে স্কুলৰ বেগত লৈ আহে বন্দুক। আকৌ সেইদিনাও বহাৰ ঠাইকলৈ পুনৰ দুয়োগৰাকীৰ মাজত
কাজিয়া হয়। আৰু তেতিয়াই অভিযুক্ত কিশোৰজনে শ্ৰেণী কোঠাতে গুলীয়াই হত্যা কৰে সহপাঠীজনক। ঘটনাত থিতাতে নিহত হয় কিশোৰজন। ৰক্তাক্ত হৈ পৰে শ্ৰেণীকোঠা।
স্কুলৰ প্ৰধান শিক্ষক প্ৰভাত গুপ্তাই কোৱা মতে, ঘটনা সংঘটিত কৰি অভিযুক্ত ছাত্ৰজনে পলাবলৈ চেষ্টা কৰিছিল। কিন্তু শিক্ষকৰ তত্পৰতাত ধৰা পৰে ছাত্ৰজন। আৰু তাৰ পিছতে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক জনোৱা হয়। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ছাত্ৰজনক সোধা-পোছা আৰম্ভ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত ছাত্ৰজনৰ খুড়াক এগৰাকী সেনা জোৱান। বিশেষ কামৰ
বাবে ঘৰলৈ আহিছিল খুড়াক। আৰু খুড়াকৰ ৰিভলভাৰ চুৰি কৰি এই কাণ্ড সংঘটিত কৰে
ছাত্ৰজনে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|