উত্তৰ–পূৰ্বাঞ্চলৰ ব্যৱসায় বিকাশৰ বাবে কাৰ্গো বিমানে লজিষ্টিক আৰু যাতায়াত যোগাযোগ উন্নত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
উত্তৰ–পূৰ্বাঞ্চলৰ ব্যৱসায় বিকাশৰ বাবে কাৰ্গো বিমানে লজিষ্টিক আৰু যাতায়াত যোগাযোগ উন্নত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন চহৰত কাৰ্গো সেৱা মুকলি কৰিলে স্পাইচ জেটে। বুধবাৰে গুৱাহাটীত এই সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উত্তৰ–পূৰ্বাঞ্চলক সংযোগ কৰা কাৰ্গো বিমান সেৱা আগবঢ়োৱা প্ৰথম ভাৰতীয় বিমান প্ৰতিষ্ঠান হিচাপে চিহ্নিত হল স্পাইচ জেট।
অসম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত ১৪খন নতুন কাৰ্গো বিমান সেৱা মুকলি স্পাইচ জেটে। উত্তৰ–পূৰ্বাঞ্চলৰ ব্যৱসায় বিকাশৰ বাবে কাৰ্গো বিমানে লজিষ্টিক আৰু যাতায়াত যোগাযোগ উন্নত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দেশজুৰি লকডাউন আৰম্ভ হোৱাৰে পৰা স্পাইচ জেটে ৫০ হাজাৰ টন কাৰ্গো নিৰ্দিষ্ট স্থানলৈ যোগান ধৰিছে।
কাৰ্গো মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অতিথি হিচাপে উপস্থিত আছিল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু স্পাইচ জেটৰ অধ্যক্ষ অজয় সিঙে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|