ভয়ংকৰ দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ, থিতাতে নিহত ১৪জন

News18 Assam | News18-Assam
Updated:February 13, 2020, 9:47 AM IST
ভয়ংকৰ দুৰ্ঘটনা, ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ, থিতাতে নিহত ১৪জন
দ্ৰুতবেগী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰৈ থকাৰ ট্ৰাকখনৰ পিছফালে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।

দ্ৰুতবেগী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰৈ থকাৰ ট্ৰাকখনৰ পিছফালে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।

  • Share this:
উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত আগ্ৰা–লক্ষ্ণৌ এক্সপ্ৰেছৱ’ত ভয়ংকৰ দুৰ্ঘটনা। নিশা এখন যাত্ৰীবাহী বাছে এখন ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাত থিতাতে নিহত হয় ১৪জন লোক। আন ৩১জন যাত্ৰী আহত হয় এই দুৰ্ঘটনাত। বাছখনত আছিল প্ৰায় ৪৫জন যাত্ৰী। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ইয়াৰ ভিতৰত ১৩জনৰ অৱস্থা সংকটজনক।

জানিব পৰা মতে, যাত্ৰীবাহী বাছখন দিল্লীৰ পৰা বিহাৰলৈ গৈ আছিল। দ্ৰুতবেগী বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ৰৈ থকাৰ ট্ৰাকখনৰ পিছফালে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।
আৰু চাওক
পৰৱৰ্তী বাতৰি