চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত দুৰ্বিসহ জীৱন কটাইছে অসমৰ ১৩০০ লোকে

News18 Assam | News18-Assam
Updated:May 19, 2020, 8:27 AM IST
চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত দুৰ্বিসহ জীৱন কটাইছে অসমৰ ১৩০০ লোকে
স্থানীয় প্ৰশাসনে এওঁলোকক খাদ্যৰ যোগান ধৰিছে, কিন্তু অসম ভৱন কৰ্তৃপক্ষই গা এৰা মনোভাৱ প্রদর্শন কৰিছে বুলি অভিযোগ দাসৰ।

স্থানীয় প্ৰশাসনে এওঁলোকক খাদ্যৰ যোগান ধৰিছে, কিন্তু অসম ভৱন কৰ্তৃপক্ষই গা এৰা মনোভাৱ প্রদর্শন কৰিছে বুলি অভিযোগ দাসৰ।

  • Share this:
চেন্নাইৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা অসমৰ প্ৰায় ১৩০০ লোকে এতিয়া অনিশ্চয়তাত দিন কটাইছে চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত। স্বগৃহলৈ ঘূৰি আহিবলৈ অধিৰ আগ্ৰহৰে বাট চাই থকা এইসকল লোকৰ মাজত আছে গৰ্ভৱতী মহিলাও। ১৩০০ লোকৰ কাৰণে নাই পৰ্যাপ্ত শৌচাগাৰ, কোনো সামাজিক দূৰত্ব অবিহনেই চৰম অস্বাস্থ্যকৰ পৰিবেশত জীৱন নিৰ্বাহ কৰিছে এইসকল লোকে।

তেওঁলোকৰ মাজৰ অৰূপ দাস নামৰ এজন যুৱকে News18ক সোমবাৰে টেলিফোনযোগে জনোৱা মতে, লোকসকল এক উৰা বাতৰিৰ পম খেদি গোট খাইছিল গৈ চেন্নাইৰ অসম ভৱনত। ভাবিছিল অসম ভৱনৰ কৰ্তৃপক্ষই তেওঁলোকক অসমলৈ প্ৰেৰণ কৰিব। কিন্তু সেয়া হৈ নুঠিল আৰু তেওঁলোকক স্থানীয় প্ৰশাসনে বলপূৰ্বকভাৱে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদলৈ লৈ যায়।

স্থানীয় প্ৰশাসনে এওঁলোকক খাদ্যৰ যোগান ধৰিছে, কিন্তু অসম ভৱন কৰ্তৃপক্ষই গা এৰা মনোভাৱ প্রদর্শন কৰিছে বুলি অভিযোগ দাসৰ। এইসকল লোক চেন্নাইৰ বিভিন্ন স্থানত কৰ্মৰত হৈ আছিল, কিন্তু তলাবন্ধৰ পিছত তেওঁলোকক চাকৰিৰ পৰা উলিয়াই দিয়া হয় আৰু ভাড়াঘৰৰ মালিকে তেওঁলোকক ভাড়া দিব নোৱাৰাত ঘৰ এৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এওঁলোকৰ প্ৰায়বোৰেই চেন্নাইত পৰিয়ালসহ নিগাজিকৈ আছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading