• Home
  • »
  • News
  • »
  • nation
  • »
  • Gwalior Accident : ভয়ংকৰ দুৰ্ঘটনা! বাছ–অটোৰ মুখামুখি সংঘৰ্ষত ১৩জনৰ মৃত্যু

Gwalior Accident : ভয়ংকৰ দুৰ্ঘটনা! বাছ–অটোৰ মুখামুখি সংঘৰ্ষত ১৩জনৰ মৃত্যু

মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
পুৱাই অটো আৰু বাছৰ মুখামুখি সংঘৰ্ষত ১৩জন লোকৰ মৃত্যু। এই দুৰ্ঘটনাত আহত হৈছে আন ৪জন লোক। জানিব পৰা মতে, অটোখনত অধিক সংখ্যক যাত্ৰী আছিল। অধিকাংশই আছিল মহিলা। তেওঁলোকে পুৱাই এক আনুষ্ঠানলৈ ৰন্ধনৰ কাম কৰিবলৈ গৈছিল। এই দুৰ্ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ গোৱালিয়ৰত।

মৃত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। ক্ষতিপূৰণো ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।

‘‘গোৱালিয়ৰৰ বাছ আৰু অটোৰ সংঘৰ্ষত প্ৰাণ হেৰুওৱাসকলৰ আত্মাৰ সদগতি কামনা কৰিছো। এই ঘটনাত অতি মৰ্মাহত আৰু তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।’’ – টুইটাৰযোগে মন্তব্য মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ।
Published by:Sanjay Kumar Das
First published: