ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত শুই থকা শ্ৰমিকৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাক, ১৩জন নিহত

News18 Assam | News18-Assam
Updated:January 19, 2021, 11:03 AM IST
ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত শুই থকা শ্ৰমিকৰ ওপৰেৰে পাৰ হৈ গ’ল ট্ৰাক, ১৩জন নিহত
দুৰ্ঘটনাত এটি শিশুসহ ১২জনৰ মৃত্যু হয়। ৬জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে।

দুৰ্ঘটনাত এটি শিশুসহ ১২জনৰ মৃত্যু হয়। ৬জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে।

  • Share this:
চুৰাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৩জনৰ। সোমবাৰে নিশা চুৰাটৰ মাণ্ডবি ৰোডত ট্ৰেক্টৰৰ সৈতে সংঘৰ্ষৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ১৩জন লোকক মহতিয়াই নিয়ে এখন ট্ৰাকে। নিশা প্ৰায় ১২ বজাত অভাৰটেক কৰিবলৈ গৈ এখন ট্ৰেক্টৰৰ সৈতে সংঘৰ্ষ হয় ট্ৰাকখনৰ। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত শুই থকা এদল শ্ৰমিকৰ ওপৰেৰে পাৰ হৈ যায় ট্ৰাকখন।

দুৰ্ঘটনাত এটি শিশুসহ ১২জনৰ মৃত্যু হয়। ৬জন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু উদ্ধাৰকাৰী দলে আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰে। চিকিৎসাধীন অৱস্থাত হাস্পতালত এজনৰ মৃত্যু হয়।



দুৰ্ঘটনাত ট্ৰাকৰ চালকজনো আহত হয়। নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত নিহত আটাইকেইজন ৰাজস্থানৰ বাসিন্দা।
Published by: Sanjay Kumar Das
First published: January 19, 2021, 11:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি