নাগালেণ্ড (Nagaland)ত এক দুৰ্ভাগ্যজনক ঘটনাত শনিবাৰে আছাম ৰাইফলছ (Assam Rifles)ৰ গুলীত নিহত সাধাৰণ লোকৰ সংখ্যা ১৩ জন (13 Killed)বুলি আশংকা কৰা হৈছে। AFPৰ উদ্ধৃতি দি ANIয়ে এই বাতৰি প্ৰকাশ কৰিছে।
নাগালেণ্ডৰ মন জিলা (Mon District of Nagaland)ৰ তিৰু আৰু ওটিং বস্তিৰ মাজত সংঘটিত আছাম ৰাইফলছৰ গুলীচালনাত ১৩জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।
আছাম ৰাইফলছৰ শীৰ্ষ সূত্ৰই জনোৱা মতে উগ্ৰপন্থীৰ গতিবিধি (Insurgent Movement)ৰ সম্পৰ্কত লাভ কৰা এক তথ্যৰ আধাৰত আছাম ৰাইফলছৰ দলে অভিযানৰ পৰিকল্পনা কৰিছিল। এই দুৰ্ভাগ্যজনক ঘটনাৰ নীৰিহ লোক কিদৰে নিহত হ'ল তাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি বিহা হ'ব বুলি উল্লেখ কৰিছে আছাম ৰাইফলছে।
Death toll in the eruption of Mount Semeru in Indonesia rises to 13, reports AFP