• Home
  • »
  • News
  • »
  • nation
  • »
  • আজিৰ দিনটোৰ ইতিহাস:ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপৰ পাছত ভাৰতত ব্ৰিটিছ শাসনৰ আৰম্ভণি, চাওক ১২ আগষ্টৰ ইতিহাসৰ আন ঘটনাসমূহ

আজিৰ দিনটোৰ ইতিহাস:ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপৰ পাছত ভাৰতত ব্ৰিটিছ শাসনৰ আৰম্ভণি, চাওক ১২ আগষ্টৰ ইতিহাসৰ আন ঘটনাসমূহ

ঊনৈশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায়িক উদ্দেশ্যৰে ভাৰতলৈ আহিছিল যদিও ইয়াত ৰাজকীয় ৰাজ্যসমূহৰ পাৰস্পৰিক যুঁজ আৰু অনৈক্যই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক উচ্চাকাংক্ষাক ইন্ধন যোগাইছিল।

ঊনৈশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায়িক উদ্দেশ্যৰে ভাৰতলৈ আহিছিল যদিও ইয়াত ৰাজকীয় ৰাজ্যসমূহৰ পাৰস্পৰিক যুঁজ আৰু অনৈক্যই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক উচ্চাকাংক্ষাক ইন্ধন যোগাইছিল।

ঊনৈশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায়িক উদ্দেশ্যৰে ভাৰতলৈ আহিছিল যদিও ইয়াত ৰাজকীয় ৰাজ্যসমূহৰ পাৰস্পৰিক যুঁজ আৰু অনৈক্যই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক উচ্চাকাংক্ষাক ইন্ধন যোগাইছিল।

  • Share this:
ঊনৈশ শতিকাত ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায়িক উদ্দেশ্যৰে ভাৰতলৈ আহিছিল যদিও ইয়াত ৰাজকীয় ৰাজ্যসমূহৰ পাৰস্পৰিক যুঁজ আৰু অনৈক্যই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক উচ্চাকাংক্ষাক ইন্ধন যোগাইছিল। ইতিহাসৰ তথ্যসমূহৰ পৰা জানিব পাৰি যে, কোম্পানীটোৱে ১৭৬৫ চনৰ ১২ আগষ্টত মোগল সম্ৰাট শ্বাহ আলম দ্বিতীয়ৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছিল, যাক এলাহাবাদ চুক্তি বুলি কোৱা হয়। ইতিহাসত লিপিবদ্ধ কৰা হৈছে যে এই চুক্তিৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ৰাজনৈতিক আৰু সাংবিধানিক ব্যৱস্থাত হস্তক্ষেপ কৰাৰ সুযোগ পাইছিল আৰু ইয়াৰ পৰা ভাৰতত ব্ৰিটিছ শাসনৰ ভেটি স্থাপন কৰা হৈছিল। দৰাচলতে, শ্বাহ আলমে এই চুক্তিৰ জৰিয়তে বংগ, বিহাৰ আৰু উৰিষ্যাৰ পূব প্ৰদেশত সম্ৰাটৰ হৈ কৰ সংগ্ৰহৰ অধিকাৰ কোম্পানীক হস্তান্তৰ কৰিছিল আৰু তাৰ পিছতেই কোম্পানীটোৱে ইয়াৰ সাম্ৰাজ্যবাদী শাখাবিলাক বিস্তাৰ কৰিবলৈ বেছি সময় লগা নাছিল।

দেশ–বিদেশৰ ইতিহাসত ১২ আগষ্ট তাৰিখে ঘটি যোৱা অন্য মহত্বপূৰ্ণ ঘটনাসমূহ ক্ৰমে এনেধৰণৰ–

১৬০২– মোগল সম্ৰাট আকবৰৰ ৰাজসভাত চেলিম মিৰ্জাৰ আদেশত মন্ত্ৰী আবুল ফজলক হত্যা কৰি দিয়া হৈছিল। চেলিমে পাছত জাহাংগীৰ নামেৰে মোগল ৰাজশাসনৰ দায়িত্ব গ্ৰহণ কৰে।
১৭৬৫– এলাহাবাদ চুক্তিৰ অধীনত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হস্তক্ষেপ আৰম্ভ হৈছিল।
১৮৩১– নেডাৰলেণ্ড আৰু বেলজিয়ামৰ মাজত শান্তি চুক্তি।
১৮৩৩ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ প্ৰতিষ্ঠা।
১৯০৮ : হেনৰী ফৰ্ডৰ গাড়ীৰ কোম্পানীয়ে প্ৰথম গাড়ীৰ মডেল নিৰ্মাণ কৰে।
১৯১৪: প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটেইনে অষ্ট্ৰিয়া-হাংগেৰীৰ ওপৰত আক্ৰমণ ঘোষণা কৰে।
১৯১৯: ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ আৰু ভাৰতীয় পদাৰ্থবিজ্ঞানী বিক্ৰম চাৰাভাইৰ জন্ম।
১৯৫৩: য়ুনানৰ লোনিয়ান দ্বীপত ভূমিকম্পৰ বাবে ৪৩৫ জন লোকৰ মৃত্যু হয়।
১৯৬০ : নাছাই ইয়াৰ প্ৰথম সফল যোগাযোগ উপগ্ৰহ ‘ইকো-এ’উৎক্ষেপণ কৰে।
১৯৭১: চিৰিয়াই জৰ্ডানৰ সৈতে ৰাজনৈতিক সম্পৰ্ক তীব্ৰ কৰে।
১৯৮১: আইবিএমে ইয়াৰ প্ৰথম ব্যক্তিগত কম্পিউটাৰ প্ৰৱৰ্তন কৰে, যাৰ মূল্য ১৬ হাজাৰ ডলাৰ আছিল।
১৯৯২: উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেশবোৰৰ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ মাজত মুক্ত বাণিজ্য চুক্তি।
২০০৬ : ইউৰোপীয় উৎক্ষেপণ বাহন এৰিয়ান-৫এ জাপানৰ যোগাযোগ উপগ্ৰহ আৰু ফ্ৰান্সৰ এটা সামৰিক সঁজুলিক মহাকাশকক্ষত সফলতাৰে স্থাপিত কৰে।
Published by:Sanjay Kumar Das
First published: