এজনী ১২ বছৰীয়া ছোৱালী। বাহিৰৰ জগতখনৰ আও–ভাও একো বুজা হোৱা নাই তাই। কিন্তু তাইৰ দুচকুত অযুত সপোন। আছে প্ৰবল ইচ্ছাশক্তি, বুকত অদম্য সাহস। নাম তাইৰ মেইনিংচিনলিউ পামেই।
জীৱন কি ভালকৈ বুজা হৈ নুঠিলেও তাই এটা কথা বুজে যে তাই পঢ়া–শুনা কৰিব লাগিব। ভৱিষ্যতে ভাল মানুহ হ’বলৈ স্কুললৈ যাব লাগিব। আৰ্থিক দীনতাই কোঙা কৰা পৰিয়ালটোৰ নানা বাধা–বিঘিনি দেখিও তাই হাৰ মনা নাই।
আৰ্থিক অনাটনত জুৰুলা মেইনিংচিনলিউৰ পৰিয়াল। পিতৃ–মাতৃয়ে খেতি কৰে। ঘৰতে এৰি যায় দুই সন্তানক। এনে অৱস্থাত কণমানি ভগ্নীৰ চোৱাচিতাৰ দায়িত্ব পৰে মেইনিংচিনলিউৰ ওপৰত। তথাপি তাই দৃঢ়মনা। তাই স্কুল যাবই।
শিক্ষাৰ জ্যোতিৰে জ্যোতিষ্মান হোৱাৰ সপোন দেখা মেইনিংচিনলিউৰ ঘৰ মণিপুৰত। তাইৰ এখন ফটো এতিয়া ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে। কোলাত কণমানি ভগ্নীক লৈ শিক্ষা গ্ৰহণ কৰি থকা তাইৰ এই ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
মণিপুৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিত সিঙে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে এই কণমানিগৰাকীৰ ফটো। ফটোত দেখা গৈছে মেইনিংচিনলিউৰ কোলাত কণমানি ভগ্নীয়ে শুই আছে। ভগ্নীক কোলাত লৈ শিক্ষা গ্ৰহণ কৰিছে মেইনিংচিনলিউৱে।