বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Medicine Price Hike: ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি; ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি

Medicine Price Hike: ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি; ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি

Medicine Price Hike: ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি; ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি

এতিয়াৰে পৰা মানুহে অত্যাৱশ্যকীয় ঔষধৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ’ব।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

দেশত প্ৰায়েই অত্যাৱশ্যকীয় বস্তুৰ মূল্য বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰাৰ মাজতে শেহতীয়াকৈ ঔষধৰ মূল্য বৃদ্ধিৰ ঘোষণাই সকলোকে চিন্তাত পেলাইছে। জানিব পৰা মতে, অহা ১ এপ্ৰিলৰ পৰা ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি হ’ব। ফলস্বৰূপে এতিয়াৰে পৰা মানুহে অত্যাৱশ্যকীয় ঔষধৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ’ব। চৰকাৰে ফাৰ্মাচিউটিকেল কোম্পানীবোৰক বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ (WPI) পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিবলৈ সাজু হৈছে।

বিজ্ঞাপন

পাইকাৰী মূল্য সূচক (WPI)ৰ তীব্ৰ বৃদ্ধিৰ বাবে পেইনকিলাৰ, সংক্ৰমণ-প্ৰতিৰোধী ঔষধ, হৃদযন্ত্ৰৰ ঔষধ, এণ্টিবায়টিক আৰু ১০০০ ৰো অধিক ফৰ্মুলেচনকে ধৰি ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হ’ব।

ঔষধৰ মূল্য নিয়ন্ত্ৰক নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে (NPPA) সোমবাৰে কয় যে, চৰকাৰে জাননী দিয়া বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ (WPI) বাৰ্ষিক পৰিৱৰ্তনৰ ওপৰত আধাৰ কৰি মূল্য ১২.১২ শতাংশ বৃদ্ধি কৰিব পাৰে। মন কৰিবলগীয়া যে, ফাৰ্মা কোম্পানীবোৰে দীৰ্ঘদিন ধৰি বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ দাবী কৰি আহিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, বজাৰত যাতে ঔষধৰ কোনো অভাৱ নহয় সেইটো নিশ্চিত কৰিবলৈ এই মূল্য বৃদ্ধি কৰা হৈছে। তেওঁ কৈছিল যে ইয়াৰ দ্বাৰা নিৰ্মাতা আৰু উপভোক্তাসকল পাৰস্পৰিকভাৱে লাভান্বিত হ’ব। দ্য হিন্দুক তেওঁ কয় যে, ‘‘নিৰ্মাতাসকলে লোকচানত বিক্ৰী নকৰিব আৰু আমি দেশত অত্যাৱশ্যকীয় ঔষধৰ স্থিৰ যোগান নিশ্চিত কৰিব লাগিব। ইয়াৰোপৰিও, মূল্যবোৰ নিয়ন্ত্ৰিত ভাৱে বৃদ্ধি হ’বলৈ দিয়া হৈছে।’’

বিজ্ঞাপন

উল্লেখ্য যে, NPPAক প্ৰতি বছৰে ১ এপ্ৰিল বা তাৰ পূৰ্বে বিগত কেলেণ্ডাৰ বৰ্ষৰ বাৰ্ষিক পাইকাৰী মূল্য সূচক অনুসৰি অনুসূচীত ফৰ্মুলেচনৰ সৰ্বাধিক মূল্য সংশোধন কৰাৰ অনুমতি দিয়া হয়। ঔষধৰ মূল্য নিয়ন্ত্ৰণ আদেশ ২০১৩ৰ দফা ১৬ত এটা নিয়ম আছে যাৰ ভিত্তিত, NPPAয়ে প্ৰতি বছৰে ঔষধৰ মূল্য সংশোধন কৰে আৰু এই বৰ্ষৰ নতুন মূল্য ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হয়।

বিজ্ঞাপন

এইখিনিতে উল্লেখনীয় যে, বিগত বৰ্ষত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (NPPA) WPIত ১০.৭ শতাংশ পৰিৱৰ্তন ঘোষণা কৰিছিল। প্ৰতি বছৰে কৰ্তৃপক্ষই ঔষধ (মূল্য নিয়ন্ত্ৰণ) আদেশ, ২০১৩ৰ অধীনত WPI পৰিৱৰ্তন ঘোষণা কৰে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন