বিহাৰৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতত ১২জনৰ মৃত্যু, আহত ৫জন

মঙলবাৰে দুপৰীয়া কেইবাখনো জিলাত হৈছিল ধুমুহা–বৰষুণ।

News18-Assam
Updated:September 18, 2019, 8:16 AM IST
বিহাৰৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতত ১২জনৰ মৃত্যু, আহত ৫জন
মঙলবাৰে দুপৰীয়া কেইবাখনো জিলাত হৈছিল ধুমুহা–বৰষুণ।
News18-Assam
Updated: September 18, 2019, 8:16 AM IST
মঙলবাৰে বিহাৰৰ কেইবাখনো জিলাত বজ্ৰপাতত মৃত্যু হয় ১২জন লোকৰ। ধুমুহা–বৰষুণৰ লগতে হোৱা বজ্ৰপাতত গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক। মঙলবাৰে দুপৰীয়া কেইবাখনো জিলাত হৈছিল ধুমুহা–বৰষুণ। সেই সময়তে পৃথক পৃথক স্থানত বজ্ৰপাতত মুঠ ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫জন লোক আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে।

জানিব পৰা মতে, কৈমুৰ জিলাত বজ্ৰপাতত চাৰিজন লোকৰ মৃত্যু হয়। জিলাখনৰ পৃথক পৃথক স্থানত হোৱা বজ্ৰপাতত আহত হয় ৫জন লোক। ইফালে, মতিহাৰীত বজ্ৰ পৰি মৃত্যু হয় তিনিজন লোকৰ। আৰৱলত মৃত্যুক সাবটি লয় দুজন লোকে। জাহানবাদ আৰু মুজাফ্ফৰপুৰতো সংঘটিত হয় বজ্ৰপাতৰ ঘটনা। জাহানবাদত দুজন আৰু মুজাফ্ফৰপুৰত এজন লোকৰ মৃত্যু হয় বজ্ৰপাতৰ ফলত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি