ভাৰতৰ বাংগালুৰুত সংঘটিত চাঞ্চল্য সৃষ্টিকাৰী ধৰ্ষণ-নির্যাতন কাণ্ডক লৈ ১,০১৯ পৃষ্ঠাৰ চাৰ্জশ্বীট আদালতত দাখিল কৰিছে বাংগালুৰু আৰক্ষীয়ে। এই ঘটনাত জড়িত থকাৰ অভিযোগত ১২গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে, ইয়াৰে ১১গৰাকী অভিযুক্ত বাংলাদেশী। অভিযুক্তৰ মাজত দুগৰাকী মহিলাও আছে। বাংগালুৰুৰ আৰক্ষী আয়ুক্ত কমল পণ্টে এই শেহতীয়া তথ্যৰ বিষয়ে অৱগত কৰে।
পণ্টে জনোৱা মতে, মাত্ৰ ৫ সপ্তাহৰ ভিতৰতে বাংগালুৰু আৰক্ষীয়ে এই কাণ্ডক লৈ চাৰ্জশ্বীট দাখিল কৰিছে, যি এক অভিলেখ ৰূপে গণ্য কৰা গৈছে আৰু এনে কামৰ বাবে তদন্তকাৰী আৰক্ষী দলটোক ১ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা হৈছে।
উল্লেখ্য, মে' মাহৰ শেষ সপ্তাহত বাংগালুৰুৰ ৰামামুৰ্থী নগৰত এগৰাকী বাংলাদেশী যুৱতীক নিৰ্যাতন চলাই ধৰ্ষণ কৰিছিল এই গেংটোৱে। সমস্ত কাণ্ডৰ ভিডিঅ' বনাই এগৰাকী বন্ধুলৈ শ্বেয়াৰ কৰিছিল। ধৰ্ষণৰ বলি যুৱতীগৰাকী উত্তৰ–পূৰ্বাঞ্চলৰ বুলি ধাৰণা কৰা হৈছিল, ইয়াকে লৈ অসমকে ধৰি উত্তৰ–পূৰ্বাঞ্চলত চাঞ্চল্য সৃষ্টি হৈছিল। শেষত আচল ঘটনা পোহৰলৈ আহে আৰু ঘটনাটোৰ পটভূমি বাংগালুৰু বুলি জানিব পৰা যায়।
উল্লেখ্য, নিৰ্যাতনৰ বলি ২২ বছৰীয়া যুৱতীগৰাকী মানৱ সৰবৰাহকাৰীৰ চক্ৰত পৰিছিল, তেওঁ কেৰালালৈ গুচি যোৱাৰ পিছত মে'ৰ ৩০ তাৰিখে বাংগালুৰুলৈ অনা হয়। আনহাতে ২ জুনত দুগৰাকী অভিযুক্ত পলাবলৈ চেষ্টা কৰাত আৰক্ষীৰ গুলীত আহত হৈছিল। উল্লেখ্য, বাংলাদেশী নাগৰিকসকলৰ আটায়ে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি ভাৰতত বহু বছৰ বাস কৰি আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|