• Home
  • »
  • News
  • »
  • nation
  • »
  • Temple Chariot Procession: মন্দিৰৰ শোভাযাত্ৰাত শোকাৱহ দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ১১ জন নিহত, আহত ১৫

Temple Chariot Procession: মন্দিৰৰ শোভাযাত্ৰাত শোকাৱহ দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ১১ জন নিহত, আহত ১৫

প্ৰতিবছৰে তামিলনাডুত বাৰ্ষিক ৰথ উৎসৱত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে।

প্ৰতিবছৰে তামিলনাডুত বাৰ্ষিক ৰথ উৎসৱত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে।

প্ৰতিবছৰে তামিলনাডুত বাৰ্ষিক ৰথ উৎসৱত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে।

  • Share this:
উৎসৱৰ আনন্দ মুহূৰ্ততে পৰিণত হৈছিল শোকসাগৰত। তামিলনাডুত (Tamil Nadu) এটা মন্দিৰৰ কাৰ্যসূচী  অনুসৰি শোভাযাত্ৰা কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ১১জন লোক মৃত্যুমুখত পৰে। মৃতসকলৰ ভিতৰত দুটা শিশুও আছিল।

এই ঘটনা আজি পুৱা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ এটা মন্দিৰত ৰথযাত্ৰাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। ১১জন লোকৰ মৃত্যুৰ উপৰি ১৫জনৰো অধিক লোক আহত হয় এই ঘটনাত।

জানিব পৰা মতে, শোভাযাত্ৰাৰ (Temple Chariot Procession) সময়ত ব্যৱহাৰ কৰা বাহনখন ওপৰৰ লাইনৰ সংস্পৰ্শলৈ আহে আৰু লগে লগে বিদ্যুৎস্পৃষ্ট হৈ ১১জন লোক মৃত্যুমুখত পৰে (electrocution during a chariot procession)। উল্লেখ্য, প্ৰতিবছৰে তামিলনাডুত বাৰ্ষিক ৰথ উৎসৱত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ পিছত মৃতকৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে। তেওঁ মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ প্ৰতিশ্ৰুতি দিছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও এই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে।
Published by:Gautam Barman
First published: