உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Death in Fire: অগ্নিকাণ্ডত শুই থকা অৱস্থাতে মৃত্যুমুখত পৰিল ১১গৰাকী, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

    Death in Fire: অগ্নিকাণ্ডত শুই থকা অৱস্থাতে মৃত্যুমুখত পৰিল ১১গৰাকী, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

    file photo

    file photo

    সৌভাগ্যক্ৰমে এজন শ্ৰমিকে কথমপি প্ৰাণৰক্ষা কৰে।

    • Share this:
    তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ (Hyderabad)ত বুধবাৰে পুৱতিনিশা এটা স্ক্ৰেপ গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডত ১১গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক মৃত্যুমুখত পৰে। আৰক্ষী সূত্ৰ মতে, মৃত্যুমুখত পৰা শ্ৰমিকসকল বিহাৰৰ পৰা যোৱা প্ৰব্ৰজনকাৰী শ্ৰমিক। হায়দৰাবাদৰ ভোইগুড়া অঞ্চলৰ এটা অট্টালিকাৰ প্ৰথম মহলাত তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

    অগ্নি নিৰ্বাপক বিভাগে জনোৱা মতে, পুৱা প্ৰায় ৩.৫৫ বজাত  জুই লগাৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত তেওঁলোক ঘটনাস্থলীলৈ যায় আৰু প্ৰায় চাৰি ঘণ্টাৰ কঠোৰ পৰিশ্ৰমৰ পিছতহে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

    জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত শ্ৰমিকসকল শুই আছিল। ভৱনটোৰ প্ৰথম মহলাত শুই থকা বাবে ১১ জন শ্ৰমিকে নিজকে বচাব নোৱাৰিলে। সৌভাগ্যক্ৰমে এজন শ্ৰমিকে কথমপি প্ৰাণৰক্ষা কৰে। অগ্নিকাণ্ডৰ কাৰণ শ্বৰ্ট চাৰ্কিট বুলি কোৱা হৈছে।





    উল্লেখ্য, এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে (K Chandrashekar Rao)  প্ৰতিজন ভুক্তভোগীৰ পৰিয়ালক ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে। আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও দুই লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।
    Published by:Gautam Barman
    First published: