• Home
  • »
  • News
  • »
  • nation
  • »
  • DIKSHA: গোশালা আৰু দৰিদ্ৰক দান কৰিলে ১১ কোটি টকা, এতিয়া ১১ বছৰীয়া সন্তানসহ দীক্ষা ল'ব ব্যৱসায়ী দম্পতীয়ে

DIKSHA: গোশালা আৰু দৰিদ্ৰক দান কৰিলে ১১ কোটি টকা, এতিয়া ১১ বছৰীয়া সন্তানসহ দীক্ষা ল'ব ব্যৱসায়ী দম্পতীয়ে

ৰাকেশ সুৰানাই প্ৰকাশ কৰা মতে তেওঁ তেওঁৰ সকলো সম্পত্তি সমাজ, দৰিদ্ৰ আৰু গোশালালৈ দান কৰিছে।

ৰাকেশ সুৰানাই প্ৰকাশ কৰা মতে তেওঁ তেওঁৰ সকলো সম্পত্তি সমাজ, দৰিদ্ৰ আৰু গোশালালৈ দান কৰিছে।

ৰাকেশ সুৰানাই প্ৰকাশ কৰা মতে তেওঁ তেওঁৰ সকলো সম্পত্তি সমাজ, দৰিদ্ৰ আৰু গোশালালৈ দান কৰিছে।

  • Share this:
এগৰাকী গহণা ব্যৱসায়ী ৰাকেশ সুৰানাই প্ৰায় ১১ কোটি টকাৰ সম্পত্তি এৰি ২২ মে'ত তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে আনুষ্ঠানিকভাৱে দীক্ষা লব গুৰুৰ ওচৰত। ইতিমধ্যে তেওঁৰ সম্পত্তি গোশালা আৰু অন্যান্য ধৰ্মীয় প্ৰতিষ্ঠানলৈ দান কৰিছে। গুৰু মহেন্দ্ৰ সাগৰজীৰ দ্বাৰা অনুপ্ৰাণিত পৰিয়ালটোৱে সাংসাৰিক জীৱন ত্যাগ কৰি আধ্যাত্মিকতাৰ পথত যোৱাৰ সিদ্ধান্ত লয়।

মধ্যপ্ৰদেশৰ বালাঘাটৰ ৰাকেশ সুৰানা নামৰ ব্যৱসায়ীগৰাকীয়ে কয় যে তেওঁৰ পত্নী লীনা সুৰানাই (৩৬) শৈশৱকালত সংযমৰ পথত যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। লীনা সুৰানাৰ প্ৰাৰম্ভিক শিক্ষা আমেৰিকাত হৈছিল আৰু পিছত বেংগালুৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল৷ দুয়োৰে পুত্ৰ অময় সুৰানা (১১) মাত্ৰ চাৰি বছৰ বয়সতে সংযমৰ পথত যোৱাৰ মন স্থিৰ কৰে৷ কিন্তু কম বয়সৰ বাবে অময়ে সাত বছৰ অপেক্ষা কৰিব লগা হয়।

সুৰানাই লগতে ২০১৭ চনত তেওঁৰ মাতৃয়েও দীক্ষা (Diksha) গ্ৰহণ কৰাৰ কথা জানিবলৈ দি তেওঁৰ ভনীয়েকে ২০০৮ চনত দীক্ষা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। এসময়ত এখন সৰু দোকানৰ পৰা গহনা ব্যৱসায় আৰম্ভ কৰা ৰাকেশে চাৰাফা অঞ্চলত নাম আৰু খ্যাতি দুয়োটাই অৰ্জন কৰিছিল।

আধুনিকতাৰ এই সময়ত সুখী জীৱনৰ সকলো সুবিধা তেওঁৰ পৰিয়ালত আছিল। তেওঁলোকে কোটি কোটি টকাৰ সম্পত্তি সংগ্ৰহ কৰিছে, কিন্তু সুৰানা পৰিয়ালে তেওঁলোকৰ বহু বছৰৰ সঞ্চিত মূলধন দান কৰি আধ্যাত্মিকতাৰ ফালে গতি কৰিছে। ৰাকেশ সুৰানাই প্ৰকাশ কৰা মতে তেওঁ তেওঁৰ সকলো সম্পত্তি সমাজ, দৰিদ্ৰ আৰু গোশালালৈ দান কৰিছে।
Published by:Gautam Barman
First published: