বানৰ সংহাৰ : উত্তৰ প্ৰদেশ আৰু বিহাৰত এইপৰ্যন্ত ১০৯জনৰ মৃত্যু

প্ৰলয়ংকৰী বানত দুয়োখন ৰাজ্যত কোটি কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে। ব্যক্তিগত সম্পত্তিৰ লগতে ক্ষতিসাধন হৈছে চৰকাৰী সম্পত্তিৰো।

News18-Assam
Updated:September 30, 2019, 9:58 AM IST
বানৰ সংহাৰ : উত্তৰ প্ৰদেশ আৰু বিহাৰত এইপৰ্যন্ত ১০৯জনৰ মৃত্যু
প্ৰলয়ংকৰী বানত দুয়োখন ৰাজ্যত কোটি কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে। ব্যক্তিগত সম্পত্তিৰ লগতে ক্ষতিসাধন হৈছে চৰকাৰী সম্পত্তিৰো।
News18-Assam
Updated: September 30, 2019, 9:58 AM IST
উত্তৰ প্ৰদেশ আৰু বিহাৰত বানৰ সংহাৰী ৰূপ। বিগত চাৰিদিনত উত্তৰ প্ৰদেশত ৮০জন আৰু বিহাৰত ২৯জন লোকৰ মৃত্যু হৈছে। কেইবাজনো লোক সন্ধানহীন হৈ আছে ৰাজ্য দুখনত। জানিব পৰা মতে, উত্তৰ প্ৰদেশত শনিবাৰে ২৬জন আৰু দেওবাৰে দুপৰীয়ালৈ ৩৫ জন লোকৰ মৃত্যু হৈছে। ইফালে, পাটনাত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। বিভিন্ন অঞ্চলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। পানীয়ে বুৰাই পেলাইছে সম্পূৰ্ণ চহৰখন। পানীৰ তলত চহৰখনৰ কেইবাখনো হাস্পতাল, দোকান বজাৰ আদি। দুৰ্গতসকলক উদ্ধাৰৰ বাবে নিয়োগ কৰা হৈছে NDRF বাহিনী।

ইফালে, বিহাৰ চৰকাৰে ভাৰতীয় বায়ুসেনাৰ পৰা পাটনাৰ বানপীড়িত অঞ্চলত আবদ্ধ লোকসকলক উদ্ধাৰ আৰু খাদ্য সামগ্ৰী তথা ঔষধ যোগানৰ বাবে দুখন হেলিকপ্টাৰ বিচাৰিছে।

প্ৰলয়ংকৰী বানত দুয়োখন ৰাজ্যত কোটি কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে। ব্যক্তিগত সম্পত্তিৰ লগতে ক্ষতিসাধন হৈছে চৰকাৰী সম্পত্তিৰো। বানৰ বাবে ঘৰ এৰি নিৰাপদ স্থানত আশ্ৰয় লৈছে হাজাৰ হাজাৰ লোকে। বানৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে খেতিয়কসকল।

ইফালে, বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছে যে আগন্তুক ২৪ ঘণ্টাত ৰাজ্য দুখনৰ পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে। দুয়োখন ৰাজ্যত আগন্তুক ২৪ ঘণ্টাত হ’ব পাৰে ধাৰাসাৰ বৰষুণ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি