গুৱাহাটীৰ ৰাজপথত পিকালে বা প্ৰস্ৰাৱ  কৰিলে এতিয়াৰ পৰা ভৰিব লাগিব ১০০০টকাৰ জৰিমনা

News18 Assam | News18-Assam
Updated:April 20, 2020, 9:24 AM IST
গুৱাহাটীৰ ৰাজপথত পিকালে বা প্ৰস্ৰাৱ  কৰিলে এতিয়াৰ পৰা ভৰিব লাগিব ১০০০টকাৰ জৰিমনা
তৎকালীনভাৱে বলৱৎ এই নিয়ম।

তৎকালীনভাৱে বলৱৎ এই নিয়ম।

  • Share this:
নতুন দিল্লীৰ পাছত দেওবাৰৰ পৰা গুৱাহাটীৰ ৰাজহুৱা স্থানত পিক পেলোৱা আৰু প্ৰস্ৰাৱ কৰা নিষিদ্ধ ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে ৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজিৎ হাজৰিকাই এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। পৌৰ নিগমৰ নিৰ্দেশনা অনুসৰি মহানগৰীৰ ৰাজহুৱা স্থানত পিক পেলোৱা আৰু প্ৰস্ৰাৱ কৰা কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। আনহাতে যিসকল লোকে প্ৰশাসনৰ নিয়ম উলংঘা কৰি ৰাজহুৱা স্থানত ইয়াৰ পিছতো পিক পেলাব বা  প্ৰস্ৰাৱ কৰিব সেইসকল লোকে ভৰিব লাগিব ১০০০ টকা জৰিমনা।

উল্লেখযোগ্য যে, ইয়াৰপূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ল’কডাউনৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰাজহুৱা স্থানত পিকোৱাতো শাস্তিমূলক অপৰাধ হিচাপে ঘোষণা কৰিছিল।মূলত কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজহুৱা স্থানত পিক পেলোৱা আৰু প্ৰস্ৰাৱ কৰা নিষিদ্ধ কৰা হৈছে । ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬,০০০ অতিক্ৰম কৰাৰ বিপৰীতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈকে ৫২৭ অতিক্ৰম কৰিছে।
Published by: Tulika Devi
First published: April 20, 2020, 9:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading