• Home
  • »
  • News
  • »
  • nation
  • »
  • Jio Welcomes Reforms in Telecom Sector: টেলিকম চেক্টৰত ডাঙৰ সংস্কাৰ কেন্দ্ৰীয় চৰকাৰৰ, সিদ্ধান্তক আদৰণি জনালে JIO-ই

Jio Welcomes Reforms in Telecom Sector: টেলিকম চেক্টৰত ডাঙৰ সংস্কাৰ কেন্দ্ৰীয় চৰকাৰৰ, সিদ্ধান্তক আদৰণি জনালে JIO-ই

বিবৃতিত জিওই কৈছে যে, কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত ভাৰতৰ টেলিকম চেক্টৰ অধিক মজবুত হ'ব।

বিবৃতিত জিওই কৈছে যে, কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত ভাৰতৰ টেলিকম চেক্টৰ অধিক মজবুত হ'ব।

বিবৃতিত জিওই কৈছে যে, কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত ভাৰতৰ টেলিকম চেক্টৰ অধিক মজবুত হ'ব।

  • Share this:
টেলিকম চেক্টৰত চৰকাৰী অনুমোদন অবিহনে ১০০ শতাংশ বিদেশী বিনিয়োগৰ সিদ্ধান্তক স্বাগতম জনাইছে জিওই। চৰকাৰৰ অনুমতি অবিহনে ১০০ শতাংশ বিদেশী বিনিয়োগৰ লগতে টেলিকম চেক্টৰক সকাহ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিশেষ পেকেজো ঘোষণা কৰা হৈছে। ইয়াকো স্বাগতম জনাইছে জিওই।

বিবৃতি প্ৰদান কৰি সংস্থাটোৱে জনাইছে যে, কেন্দ্ৰৰ এই সিদ্ধান্তৰ ফলত ভাৰতৰ টেলিকম চেক্টৰ অধিক মজবুত হ'ব। বিবৃতিত লগতে কোৱা হৈছে যে, ইয়াৰ লগত এই সিদ্ধান্তই প্ৰধানমন্ত্ৰী মোদীৰ ডিজিটেল ভাৰতৰ স্বপ্নক সাকাৰ ৰূপ দিয়াত অৰিহণা যোগাব।

প্ৰসংগত, এই দিনটোতে টেলিকম চেক্টৰক সংস্কাৰৰ শ্বেতপত্ৰ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাই। কেন্দ্ৰীয় টেলিকম ও তথ্য প্ৰযুক্তি মন্ত্ৰী অস্বিনী বৈষ্ণৱে জনাইছে, এতিয়াৰ পৰা টেলিকম চেক্টৰত এশ শতাংশ বিদেশী বিনিয়োগৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন নহ'ব। লগতে স্পেক্ট্ৰাম চাৰ্জৰ হাৰো সংশোধনসহ টেলিকম সংস্থাসমূহক স্বতি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
Published by:Himangshu Bhuyan
First published: