মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»অন্য এক অভিলেখ গঢ়াৰ দিশে লাভলীনা! আৰম্ভ হ'ল অলিম্পিকত পৰিধান কৰা হেণ্ড গ্লু'ভছৰ নীলাম প্ৰক্ৰিয়া

অন্য এক অভিলেখ গঢ়াৰ দিশে লাভলীনা! আৰম্ভ হ'ল অলিম্পিকত পৰিধান কৰা হেণ্ড গ্লু'ভছৰ নীলাম প্ৰক্ৰিয়া

News18 Assam | News18-Assam
Updated:September 18, 2021, 1:57 PM IST
অন্য এক অভিলেখ গঢ়াৰ দিশে লাভলীনা! আৰম্ভ হ'ল অলিম্পিকত পৰিধান কৰা হেণ্ড গ্লু'ভছৰ নীলাম প্ৰক্ৰিয়া
অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিছিল হেণ্ড গ্লু’ভছযোৰ।

অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিছিল হেণ্ড গ্লু’ভছযোৰ।

  • News18 Assam
  • Last Updated: September 18, 2021, 1:57 PM IST
  • Share this:
লাভলীনাৰ অন্য এক অভিলেখ। আৰম্ভ হ'ল অলিম্পিকত পৰিধান কৰা হেণ্ড গ্লু'ভছৰ নীলাম প্ৰক্ৰিয়া। আৰু প্ৰথম দিনটোতে ১.৯ কোটি টকালৈকে উঠিছে  তাৰকা খেলুৱৈগৰাকীৰ হেণ্ড গ্লু’ভছৰ মূল্য। অলিম্পিকত পদক অৰ্জন কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে দিছিল হেণ্ড গ্লু’ভছযোৰ। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ৭১ সংখ্যক জন্ম দিনাৰ দিনা  এই উপহাৰসমূহৰ নিলাম আৰম্ভ কৰিছিল। নিলামৰ প্ৰথম দিনাই ১.৯ কোটি টকা ধাৰ্য হয় লাভলীনাৰ হেণ্ড গ্লু'ভছৰ। গ্লুভছযোৰৰ BASE PRICE আছিল ৮০ লাখ। অহা অক্টোবৰ মাহলৈকে চলিব নীলাম প্ৰক্ৰিয়া।

নিলামত দ্বিতীয় সৰ্বাধিক মূল্য নিৰ্ধাৰণ হয় নীৰজ চোপ্ৰাৰ সোণৰ পদক আজোৰা জেভলীন।  ইয়াৰ মূল্য নিৰ্ধাৰণ হয় ১.৫৫ কোটি টকা। নিলামৰ এই প্ৰথম দিনাই আকাশলংঘী মূল্য লাভ কৰে দুই অলিম্পিক বিজয়ীৰ ক্ৰীড়া সঁজুলীয়ে। আৰু ১৯ দিনলৈ মুকলি থাকিব এই নিলাম প্ৰক্ৰিয়া। নিলামত প্ৰাপ্ত ধনসমূহ নমামি গংগা প্ৰকল্পত ব্যৱহাৰ কৰা হ’ব।
Published by: Himangshu Bhuyan
First published: September 18, 2021, 12:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি