কিংবদন্তি ক'লেও কম কোৱা হ'ব। কিশোৰ কুমাৰ ভাৰতীয় সংগীত জগতৰ এজনৰ উজ্জ্বল তাৰকা। কিশোৰ কুমাৰৰ বাংলো ভাড়ালৈ লৈছিল বিৰাট কোহলীয়ে!
ইখনৰ পিছত সিখন চিনেমাত তেওঁ হিট গীত গাইছে। তেওঁ বহু চিৰসেউজ গীতত কণ্ঠদান কৰি গৈছে। সেই কিশোৰ কুমাৰ অনুৰাগীৰ হৃদয়ত অমৰ হৈ ৰৈছে। কিন্তু তেওঁৰ পুৰণি ঘৰটো জৰাজীৰ্ণ হৈ পৰাত তেওঁৰ অনুৰাগীসকল বিচলিত হৈ পৰিছিল।
মুম্বাইৰ জুহুত কিশোৰ কুমাৰৰ আছে এটা বিলাসী বাংলো। ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে কিংবদন্তি গায়ক-অভিনেতাগৰাকীৰ বাংলোটোক নতুন উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে। কোহলীয়ে এই বাংলোটো ৫ বছৰৰ বাবে লিজত লৈছে।
ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে অতি সোনকালে এই বাংলোটোত এখন নতুন ৰেষ্টুৰেণ্ট খুলিবলৈ ওলাইছে। কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰে এই খবৰৰ সত্যসত্যতা প্ৰকাশ কৰা বুলিও খবৰ পোৱা গৈছে।
ই-টাইমছৰ এক প্ৰতিবেদন অনুসৰি ক্ৰিকেটাৰ বিৰাট কোহলীয়ে জুহুত কিশোৰ কুমাৰৰ বাংলোৰ এক বৃহৎ অংশ লিজত লৈছে। তাত কাম দ্ৰুত গতিত চলি আছে। এই ঠাইখন অতি সোনকালে ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰা হ’ব।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিৰাট কোহলীৰ নতুন প্ৰকল্প প্ৰায় সম্পূৰ্ণ হৈছে। অহা মাহৰ পৰা ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিব পাৰিব। কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰে এই খবৰটো নিশ্চিত কৰিছে।
তেওঁ কয়, "লিনা চান্দৱৰকাৰৰ পুত্ৰ সুমিতে মাত্ৰ কেইমাহমানৰ আগতে ক্ৰিকেটাৰ বিৰাট কোহলীক লগ পাইছিল। এই বিষয়ত তেওঁৰ লগত আলোচনা কৰা হৈছিল। ৫ বছৰ ধৰি বিৰাটক লিজত দিয়া হৈছে বাংলোটো।"
কিশোৰ কুমাৰৰ জীৱনত চাৰিবাৰ বিবাহ হৈছিল। লীনা চান্দৱৰকাৰ কন্ঠশিল্পী গৰাকীৰ চতুৰ্থ পত্নী আৰু সুমিত তেওঁৰ একমাত্ৰ পুত্ৰ। কিংবদন্তি কিশোৰৰ প্ৰথম পত্নী ৰুমা গুঠাকুৰ্তাৰ পুত্ৰ অমিত কুমাৰ। অমিত কুমাৰো দেউতাকৰ দৰে প্লেবেক গায়ক, অভিনেতা, সংগীত পৰিচালক।
ক্ৰিকেটাৰ বিৰাট কোহলীৰ বাবে এইখন প্ৰথম ৰেষ্টুৰেণ্ট নহয়। ২০১৭ চনত দিল্লীৰ আৰ কে পুৰমৰ পৰা ৰেষ্টুৰেণ্টৰ ব্যৱসায় আৰম্ভ কৰিছিল কোহলীয়ে। দিল্লীত আৰম্ভ কৰিছিল প্ৰথম ৰেষ্টুৰেণ্ট। ইয়াৰ পিছত তেওঁ দিল্লীত আন এখন ৰেষ্টুৰেণ্ট খুলিলে।
কেৱল এয়াই নহয়, বিৰাটৰ এটা কাপোৰৰ কোম্পানীও আছে। WROGN নামেৰে পৰিচিত তেওঁৰ কাপোৰৰ ব্ৰেণ্ডটো অতি জনপ্ৰিয় হৈ পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|