টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli) আৰু তেওঁৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মাই (Anushka Sharma) দেশত কোৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে ২ কোটি টকাৰ অনুদান। লগতে দেশৰ আন সকলো লোককে এনেদৰে আগবাঢ়ি আহিবলৈ জনাইছে আহ্বান।
বিৰাট কোহলিয়ে এটা ভিডিঅ’ ছেয়াৰ কৰিছে, য’ত ক্ৰিকেটাৰগৰাকীয়ে অভিনেত্ৰী পত্নী অনুষ্কাৰ সৈতে এই বাৰ্তা ৰাজহুৱা কৰি কয় যে তেওঁলোকে দেশৰ এই আপদৰ সময়ত দেশবাসীক সহায় কৰিব বিচাৰে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত বিৰাট-অনুষ্কাৰ প্ৰশংসাৰে ভৰি পৰে।
Anushka and I have started a campaign on @ketto , to raise funds for Covid-19 relief, and we would be grateful for your support.
বিৰাট-অনুষ্কাই এই অভিযান আৰম্ভ কৰি ৭ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে। ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে এই ধন সংগ্ৰহৰ কাম কৰি আছে দুয়োজনে। এনেদৰে সংগ্ৰহ কৰা ধন এ চি টি (ACT) নামৰ এটা সংস্থাক প্ৰদান কৰিব যি অক্সিজেনৰ যোগান আৰু চিকিৎসা সম্পৰ্কীয় কামত জড়িত হৈ আছে।
কোৰোণাৰ বাবে আইপিএল ২০২১ বাতিল হোৱাৰ পিছতে ঘৰলৈ উভতি গৈ বিৰাট কোহলিয়ে কোৰোণাৰ বিৰুদ্ধে য়ুঁজত এননেদৰেই লৈছে অংশ।
Published by: Manjumoni Borah
First published: May 07, 2021, 17:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|