পৰ্ণ ছবি ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra)ক ১৯ জুলাইত মুম্বাই অপৰাধ শাখাই পৰ্ণগ্ৰাফী চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। কিছুদিন কাৰাগাৰত থকাৰ পিছত ২০ ছেপ্টেম্বৰত তেওঁ জামিন লাভ কৰে। ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰে তেওঁৰ পত্নী আৰু বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)ৰ জীৱনৰ ওপৰত আটাইতকৈ ডাঙৰ প্ৰভাৱ পেলাইছে। তেওঁ ইতিমধ্যে বহুত সমালোচনাৰ সন্মূখীন হৈছে। অৱশ্যে ৰাজ কুন্দ্ৰা জামিনৰ পিছত ঘৰলৈ উভতি অহাৰ পিছত শিল্পা বা ৰাজে ইয়াৰ ওপৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আচৰিত কথা এয়ে যে শিল্পা ছচিয়েল মিডিয়াত নিৰন্তৰ সক্ৰিয় হৈ থকাৰ পাছতো এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
শিল্পা ছেট্টীয়ে জীৱনৰ এই কঠিনতম সময়ত নিজকে যথেষ্ট পজিটিভ কৰি ৰাখিছে। তেওঁ ছচিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে জীৱনৰ বহু কথা শ্বেয়াৰ কৰে আৰু এই পোষ্টবোৰৰ জৰিয়তে মানুহক অনুপ্ৰেৰণা যোগাই আহিছে। শিল্পাই ইনষ্টাগ্ৰামত এখন কিতাপৰ পৃষ্ঠা শ্বেয়াৰ কৰিছে যাৰ পৰা তেওঁ যে আগন্তুক জীৱনত এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছে (Shilpa Shetty Big Decision) সেয়া স্পষ্ট হৈ পৰিছে। অনুৰাগীসকলে অভিনেত্ৰীগৰাকীৰ পোষ্টটোৰ সম্পৰ্কত বিভিন্ন প্ৰশ্ন কৰা দেখা গৈছে।
(ফটো: Instagram/theshilpashetty)
পোষ্টটোত শ্বেয়াৰ কৰা পৃষ্ঠাটোত লিখা আছে, 'আমি কি কৰিব বিচাৰিছিলোঁ বা কি হ'ল ইয়াৰ বাবে কেৱল আমিয়ে দায়বদ্ধ। যদি আমি সৌভাগ্যৱান হওঁ তেন্তে আমি বন্ধু আৰু পৰিয়ালৰ সমৰ্থন পাওঁ, কিন্তু কোনোবা নহয় কোনোবা সময়ত আমি নিজৰ সিদ্ধান্ত ল'বই লাগিব আৰু আমাৰ দায়িত্ববোৰো পালন কৰি যাব লাগিব। শুদ্ধই হওক বা ভুলেই হওক, ই আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। আমি আনৰ পৰামৰ্শবোৰৰ প্ৰতি গভীৰ মনোযোগ দিবলৈ আৰু আমাৰ অভিজ্ঞতাৰ পৰা যিবোৰ কথা সঠিক বুলি পতিয়ন যাব পাৰোঁ সেয়া কৰিবলৈ প্ৰত্যয়েৰে সৈতে এটা দীঘল উশাহ লৈ আগবাড়িব লাগিব। যদি সকলোবোৰ ঠিকে থাকে, আমি সন্তুষ্ট হওঁ আৰু যদি সেয়া নহয়, তেন্তে আমি ইয়াৰ দায়িত্ব স্বীকাৰ কৰি ল'ব লাগে আৰু জীৱনত আগুৱাই যাব লাগে।' পৃষ্ঠাটোৰ শেষত কোৱা হৈছে, 'মই বহুতৰ পৰা পৰামৰ্শ আৰু সমৰ্থন পাইছোঁ, কিন্তু মই জানোঁ যে অৱশেষত মই নিজেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো ল'ব লাগিব।'