உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • mumbai
    • »
    • Malaika Arora : থৰক-বৰক হ'ল মালাইকাৰ খোজ, হাই হিল পিন্ধি পৰিল বিপদত, Viral Video

    Malaika Arora : থৰক-বৰক হ'ল মালাইকাৰ খোজ, হাই হিল পিন্ধি পৰিল বিপদত, Viral Video

    Malaika Arora

    Malaika Arora

    মালাইকা অৰোৰা (Malaika Arora) দেওবাৰে নিশা কৰিশ্মা কাপুৰৰ (Karishma Kapoor) ঘৰত পাৰ্টি কৰিবলৈ উপস্থিত হৈছিল। পান্না ৰঙৰ মখমলৰ পোছাক পিন্ধি ধুনীয়া লাগি থকা মালাইকাই গাড়ীৰ পৰা ওলাই অহাৰ লগে লগে খৰক-বৰক কৰি পৰিববলৈ ওলাইছিল।অৱশ্যে তেওঁক ধৰি ৰাখে এজনে। অতি ষ্টাইলিছ অভিনেত্ৰীগৰাকীয়ে অফ-হোৱাইট হাই হিল পিন্ধি আছিল যাৰ বাবে ভাৰসাম্য হেৰুৱাই পৰিব ওলাইছিল।

    • Share this:
    মালাইকা অৰোৰা (Malaika Arora) ৪৮ বছৰীয়া হ'ব পাৰে কিন্তু নিজৰ ষ্টাইলেৰে অনুৰাগীসকলৰ হৃদয় জয় কৰি থাকে। মডেল অভিনেত্ৰী মালাইকাৰ ফিটনেছ ইমানেই আশ্চৰ্যজনক যে তেওঁক সকলো ধৰণৰ পোছাকতে অত্যন্ত ধুনীয়া দেখায়। অভিনেত্ৰীগৰাকীয়ে নিজৰ ফেশ্বনেৰে আৰু আকৰ্ষণীয় চেহেৰাৰ সৈতে অনুৰাগীসকলক আপ্লুত কৰি ৰাখে। কিন্তু কেতিয়াবা মালাইকাৰ দৰে লোককো ষ্টাইলে প্ৰতাৰণা কৰে। অভিনেত্ৰীগৰাকীৰ সৈতেও একেধৰণৰ ঘটনা ঘটিছিল আৰু ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

    মালাইকা অৰোৰাৰ হাই হিলৰ ছলনা
    দৰাচলতে মালাইকা অৰোৰা দেওবাৰে নিশা কৰিশ্মা কাপুৰৰ ঘৰত পাৰ্টি কৰিবলৈ উপস্থিত হৈছিল। পান্না ৰঙৰ মখমলৰ পোছাক পিন্ধি ধুনীয়া লাগি থকা মালাইকাই গাড়ীৰ পৰা ওলাই অহাৰ লগে লগে খৰক-বৰক কৰি উঠিল। পৰিবলৈ ওলাওতেই  অৱশ্যে মালাইকাক ধৰিছিল কাষতে থকাজনে। অতি ষ্টাইলিছ লাগিছিল মালাইকাক। অভিনেত্ৰীগৰাকীয়ে অফ-হোৱাইট হাই হিল পিন্ধি আছিল যাৰ বাবে  ভাৰসাম্য হ্ৰাস হৈছিল আৰু পৰিবলৈ ওলাইছিল। অনুষ্ঠানটোত উপস্থিত ফটোগ্ৰাফেৰাে তেওঁলোকৰ কেমেৰাত মুহূৰ্তটো বন্দী কৰিছিল আৰু ইয়াক সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।




    অৱশ্যে মালাইকা অৰোৰাই ঘটনাটোৰ পিছতে নিজৰ ভাৰসাম্য বজাই ৰাখিছিল আৰু ফটোগ্ৰাফাৰসকলৰ সন্মুখত হাঁহিৰ সৈতে পোজ দিয়া দেখা গৈছিল কিন্তু ছচিয়েল মিডিয়া ইউজাৰসকলে মালাইকাক ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰিছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    কোনোবাই লিখিছিল, 'যদি আপুনি বৃদ্ধ বয়সত হাই হিল পিন্ধে, তেন্তে এনে হ'বই'। আনহাতে কোনোবাই লিখিছিল, 'হিলতকৈ ভাল আপুনি টুল পিন্ধি লওক'।
    Published by:Manjumoni Borah
    First published: