সংগীত জগতৰ বাদশ্বাহ এ আৰ ৰহমানৰ কন্যা খাতিজা (AR Rahman daughter Khatija) ৰ ইতিমধ্যে বাগদান হৈ গৈছে। খাতিজাই নতুন বছৰৰ আৰম্ভণিতে তেওঁৰ দৰাৰ বিষয়ে সকলোকে জনায়। খাতিজাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ বিয়াৰ বিষয়ে অনুৰাগীসকলক আনুস্থানিকভাৱে জনায়।
এ আৰ ৰহমানৰ কন্যাই তেওঁৰ জন্মদিনটো বাগদানৰ বাবে বাছনি কৰিছিল। খাতিজাৰ দৰাজনৰ নাম ৰিয়াছদিন শ্বেখ মহম্মদ। পেছাত তেওঁ এজন অডিঅ' অভিযন্তা। খাতিজাই ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, 'মই অডিঅ' অভিযন্তা আৰু এণ্টাৰপ্ৰেনিয়ৰ শ্বেখ মহম্মদৰ সৈতে বাগদান কৰিছোঁ বুলি জনাবলৈ পাই আনন্দিত হৈছোঁ।'
খাজিতাক গুলপীয়া ৰঙৰ সাজত দেখা গৈছে-খাতিজাই আৰু লিখিছে, 'মোৰ বাগদান মোৰ জন্মদিনটোত অৰ্থাৎ ২৯ ডিচেম্বৰত পৰিয়াল আৰু পৰিয়ালৰ ঘনিষ্ঠ সকলৰ উপস্থিতিত হৈছে' । ফটোখনত খাতিজাক গুলপীয়া ৰঙৰ পোছাকত দেখা গৈছে। তেওঁ পোছাকযোৰৰ লগত মিলাই এখন মাস্ক পিন্ধি আছে। তেওঁ দৰা ৰিয়াছদিনৰ এখন ব্লেক এণ্ড হোৱাইট ফটো শ্বেয়াৰ কৰিছে।
প্ৰখ্যাত লেখিকা তছলিমা নাছৰিণৰ খাতিজাৰ পোছাকক লৈ সমালোচনা-যদিও ফটোখনত খাতিজাৰ মুখখন দেখা পোৱা নাই, কিন্তু তেওঁৰ দুচকুত আনন্দ স্পষ্টভাৱে দেখা গৈছে। এ আৰ ৰহমানৰ কন্যা বিশেষভাৱে চৰ্চালৈ আহিছিল, যেতিয়া লেখিকা তছলিমা নাছৰিণে হিজাব পিন্ধাৰ বাবে খাতিজাক সমালোচনা কৰিছিল। তছলিমাই কৈছিল যে, শিক্ষিত লোকসকলক হিজাব পিন্ধা দেখি তেওঁৰ শ্বাসৰুদ্ধ হোৱাৰ উপক্ৰম হয়। কিন্তু এই সন্দৰ্ভত খাতিজাই কয় যে তেওঁ নিজৰ পচন্দক লৈ কোনো ধৰণৰ অনুশোচনা হোৱা নাই।
বাগদান উপলক্ষে অনুৰাগীৰ শুভেচ্ছা -খাতিজাই তছলিমা নাছৰিণক কৈছিল, 'যদি আপুনি মোৰ পোছাক দেখি শ্বাসৰুদ্ধ হৈছে, তেন্তে বিশুদ্ধ বায়ু সেৱন কৰক। মই শ্বাসৰুদ্ধ হোৱা নাই, বৰঞ্চ এই পোছাক বাবে গৰ্বহে অনুভৱ কৰিছোঁ।'
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseষ্টাৰ কিডগৰাকীৰ অনুৰাগী সকলে ছচিয়েল মিডিয়াত মন্তব্য কৰি তেওঁৰ বাগদানেৰ বাবে শুভেচ্ছা জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|