• Home
  • »
  • News
  • »
  • mumbai
  • »
  • মহাসংকটত মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰ! বিজেপিয়ে এনেদৰে মেজিক নম্বৰ লৈ গঠন কৰিব পাৰে চৰকাৰ, জানক সমীকৰণ

মহাসংকটত মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰ! বিজেপিয়ে এনেদৰে মেজিক নম্বৰ লৈ গঠন কৰিব পাৰে চৰকাৰ, জানক সমীকৰণ

Maharashtra political crisis: মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত সংখ্যাৰ অভাৱৰ পাছতো বিজেপিৰ ৫ জন প্ৰাৰ্থীৰ জয় আৰু পৰৱৰ্তী সময়ত নগৰ উন্নয়ন মন্ত্ৰী একনাথ শিণ্ডেকে ধৰি সকলো বিধায়কৰ ‘নিৰুদ্দেশ’ হোৱাৰ ফলত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। CM Uddhav Thackeray হওক বা বিজেপি হওক, সকলোৰে চকু এতিয়া ক্ষমতাৰ যাদুকৰী সংখ্যাৰ ওপৰত।

Maharashtra political crisis: মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত সংখ্যাৰ অভাৱৰ পাছতো বিজেপিৰ ৫ জন প্ৰাৰ্থীৰ জয় আৰু পৰৱৰ্তী সময়ত নগৰ উন্নয়ন মন্ত্ৰী একনাথ শিণ্ডেকে ধৰি সকলো বিধায়কৰ ‘নিৰুদ্দেশ’ হোৱাৰ ফলত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। CM Uddhav Thackeray হওক বা বিজেপি হওক, সকলোৰে চকু এতিয়া ক্ষমতাৰ যাদুকৰী সংখ্যাৰ ওপৰত।

Maharashtra political crisis: মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত সংখ্যাৰ অভাৱৰ পাছতো বিজেপিৰ ৫ জন প্ৰাৰ্থীৰ জয় আৰু পৰৱৰ্তী সময়ত নগৰ উন্নয়ন মন্ত্ৰী একনাথ শিণ্ডেকে ধৰি সকলো বিধায়কৰ ‘নিৰুদ্দেশ’ হোৱাৰ ফলত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। CM Uddhav Thackeray হওক বা বিজেপি হওক, সকলোৰে চকু এতিয়া ক্ষমতাৰ যাদুকৰী সংখ্যাৰ ওপৰত।

  • Share this:
মুম্বাইঃ বিপদত পৰিছে নেকি মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰ? শাসনাধিষ্ঠিত শিৱসেনাৰ এজন ডাঙৰ মন্ত্ৰী আৰু প্ৰায় এক ডজন বিধায়কে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে নে কি? মহাৰাষ্ট্ৰত বিজেপি পুনৰ ক্ষমতালৈ ঘূৰি আহিব পাৰিবনে? এই কেইটা প্ৰশ্ন, যিবোৰ বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ ৫জন প্ৰাৰ্থীৰ জয় আৰু পৰৱৰ্তী সময়ত নগৰ উন্নয়ন মন্ত্ৰী একনাথ শিণ্ডেকে ধৰি কেইবাজনো বিধায়ক ‘নিৰুদ্দেশ’ হোৱাৰ পাছতো ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। শিন্দেৰ লগত ২৫ জন বিধায়ক আছে বুলি কোৱা হৈছে। মহাৰাষ্ট্ৰত চৰকাৰ গঠন বা হৈ থাকিবলৈ কি যাদুকৰী সংখ্যা আৰু ‘নিৰুদ্দেশ হোৱা’ বিধায়ক সকলে মন সলনি কৰিলে উদ্ধৱ থাকৰে চৰকাৰৰ কি হ’ব জানক।
মহাৰাষ্ট্ৰৰ ৰাজনীতিত আলোড়ন সোমবাৰৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া বিজেপিয়ে বিধান পৰিষদৰ ১০খন আসনৰ বাবে নিৰ্বাচনত ৫ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। এন চি পি আৰু শিৱসেনাই ২ খনকৈ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ হিচাপত মাত্ৰ এখন আসনহে আহিছিল। বিজেপিৰ হাতত পৰ্যাপ্ত সংখ্যা নাছিল, ইয়াৰ পিছতো ইয়াৰ প্ৰাৰ্থীসকলে ৫ খন আসন লাভ কৰিছিল। বিজেপিৰ সপক্ষে যে ক্ৰছ ভোটিং হৈছিল সেয়া স্পষ্ট। মহাৰাষ্ট্ৰৰ শাসক মহাবিকাষ অঘোৰী চৰকাৰে এই বিপৰ্যয়ৰ গণিতক বুজিবলৈ মাত্ৰ আৰম্ভ কৰিছিল, তেনেকুৱাতে আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল৷ মহাৰাষ্ট্ৰৰ নগৰ উন্নয়ন মন্ত্ৰী একনাথ শিণ্ডে প্ৰায় ১০ জন বিধায়কৰ সৈতে ‘আউট অৱ টাচ’ হৈ পৰিল। চৰ্চা চলিল যে, তেওঁলোকে গুজৰাটৰ চুৰাটৰ এখন বিলাসী হোটেলত বাহৰ পাতি আছে। চুৰাটৰ এই হোটেলখনৰ বাহিৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা।




শিন্দেৰ সৈতে ২৫ জন বিধায়ক থকাৰ চৰ্চা
সংবাদ মাধ্যমত, আনকি সূত্ৰৰ উদ্ধৃতি দিও কোৱা হৈছে যে একনাথ শিণ্ডেৰ সৈতে প্ৰায় ২৫ জন বিধায়ক আছে। সংবাদ মাধ্যমতো চলি আছে এই বিধায়কসকলৰ নামৰ তালিকা। শিন্দেৰ লগত থকা বুলি কোৱা বিধায়কসকলৰ ভিতৰত আছে-

১.আব্দুল সত্তৰ ৰাজ্যিক মন্ত্ৰী, চিলোদ, ঔৰংগাবাদ।

২.শম্বুৰাজে দেশাই, ৰাজ্যিক মন্ত্ৰী, সাতাৰা পাটা।

৩.প্ৰকাশ আবিতকাৰ, কলহাপুৰ।

৪.সঞ্জয় ৰাথোদ, যৱতমল।

৫.সঞ্জয় ৰায়মুলকাৰ, মেহকাৰ।

৬.সঞ্জয় গাইকোৱাড, বুলধনা।

৭.মহেন্দ্ৰ দলৱী।

৮.বিশ্বনাথ ভোইৰ, কল্যাণ, থান।

৯.ভাৰত গোগৱালে,মহাদ ৰায়গড়।

১০.সন্দিপান ভূমৰে, ৰাজ্যিক মন্ত্ৰী।

১১.প্ৰতাপ সৰনাইক, মাজিৱাদা, থানে।

১২.শ্বাহজী পাটিল।

১৩.তানাজী সাৱন্ত।

১৪.শান্তৰাম মৰ।

১৫.শ্ৰীনিবাস বঙা।

১৬.সঞ্জয় শিৰ্ষ্ট।

১৭.অনিল বাবৰ।

১৮.বালাজী কিন্নিকৰ।

১৯.যামিনি জাধৱ।

২০.কিশোৰ পাটিল।

২১.গুলাব্ৰাও পাটিল।

২২.ৰমেশ বৰানাৰ।

২৩.উদয় ৰাজপুত।

বিজেপিৰ সৈতে যোগাযোগত 'বিদ্ৰোহী' বিধায়ক?
গুজৰাট বিজেপিৰ মুৰব্বী চি আৰ পাটিলৰ সৈতে শিন্দেৰ লগতে অন্যান্য ‘বিদ্ৰোহী’ বিধায়ক সকলৰ যোগাযোগ আছে বুলি সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছে। চুৰাট পোৱাৰ পিছত বহু বিধায়কে পাটিলক সাক্ষাৎ কৰে। পৰিস্থিতিৰ ভয়াৱহতা দেখি মহাৰাষ্ট্ৰৰ শাসক গোটো সক্ৰিয় হৈ উঠিছে। মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই শিৱসেনাৰ বিধায়কৰ জৰুৰী বৈঠক আহ্বান কৰিছে। প্ৰাপ্ত তথ্য মতে, সকলো বিধায়ককে সভাত উপস্থিত থাকিবলৈ কোৱা হৈছে।

মেজিক নম্বৰটো কাৰ হাতত আছে?
মহাৰাষ্ট্ৰ বিধানসভাৰ মুঠ আসন ২৮৮ খন। অর্থাৎ সংখ্যাগৰিষ্ঠতা প্রমাণ কৰিবলৈ কমেও ১৪৪জন বিধায়কৰ প্রয়োজন৷ তেতিয়াহে তেওঁ শাসকীয় মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব পাৰিব।
–শিৱসেনাৰ বিধায়ক ৰমেশ লাটকেৰ মৃত্যুৰ বাবে খালী হৈ আছে এখন আসন। এনচিপিৰ দুজন বিধায়ক অনিল দেশমুখ আৰু নবাব মালিক বৰ্তমান কাৰাগাৰত আছে। আনকি নিৰ্বাচনত তেওঁক ভোট দিবলৈও অনুমতি নিদিলে আদালতে।

–বিধানসভা নিৰ্বাচনত শিৱসেনাৰ ৫৫ জন বিধায়কে বিজয়ী হৈ ওলাই আহিল। একে সময়তে এনচিপিৰ বিধায়কৰ সংখ্যা ৫৩জন আৰু কংগ্ৰেছৰ ৪৪জন। নিজৰ শক্তিৰে মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘোৰী চৰকাৰৰ মুখ্যমন্ত্ৰী হৈয়েই আছে উদ্ধৱ থাকৰে।

বহুজন বিকাশ আঘাৰীৰ ৩ জন বিধায়ক, সমাজবাদী পাৰ্টী, AIMIM, প্ৰখৰ জনশক্তি পাৰ্টিৰ ২-২ জন বিধায়ক। এম এন এছ, চি পি এম, পি ডব্লিউ পি, স্বাভিমান পাৰ্টি, ৰাষ্ট্ৰীয় সমাজ পক্ষ, জনসুৰাজ শক্তি পাৰ্টি, ক্ৰান্তিকাৰী শেটকাৰী পাৰ্টিৰ ১-১ জন বিধায়ক আছে। ইয়াৰ বাহিৰেও ১৩ জন বিধায়ক নিৰ্দলীয়।
-বিজেপিৰ ১০৬ জন বিধায়ক আছে। লগত প্ৰায় এক ডজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন আছে বুলিও কোৱা হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শিৱসেনাৰ মন্ত্ৰী একনাথ শিণ্ডেৰ সৈতে প্ৰায় ২৫ জন বিধায়কক কোৱা হৈছে। যদি সকলোৱে বিজেপিক সমৰ্থন কৰে, তেন্তে বিজেপিয়ে সহজেই মেজিক সংখ্যাত উপনীত হ’ব।

First published: