বলীউডৰ গায়িকা নেহা কক্কৰ (Neha Kakkar) আকৌ এবাৰ চৰ্চালৈ আহিছে। নেহাই যেতিয়া ৰিয়েলিটী শ্ব' 'ইণ্ডিয়ান আইডল' (Indian Idol)ৰ পৰা বিৰতি লৈছিল, তেতিয়াৰ পৰাই তেওঁৰ গৰ্ভধাৰণৰ বিষয়ে বিভিন্নধৰণৰ বাতৰি প্ৰকাশ পাইছিল। উৰাবাতৰি ওলাইছিল যে তাই গৰ্ভৱতী হোৱাৰ বাবে অনুষ্ঠানটো এৰিবলগীয়া হৈছিল। কিন্তু এতিয়া সেই সকলো উৰাবাতৰিৰ অন্ত পেলাই নেহাই নিজেই সকলোৰে আগত সত্যটো প্ৰকাশ কৰিছে।
দেওবাৰে নৃত্য ৰিয়েলিটী শ্ব' 'ডান্স দিৱানে-৩' (Dance Dewane-3) আৰু 'খতৰো কে খিলাড়ী ১১' (Khatron ke Khiladi-11)ৰ মহাসংগমৰ বিশেষ এপিছোড আছিল। নেহা কক্কৰে তেওঁৰ ভায়েক টনী কক্কৰ (Tony Kakkar) আৰু গায়ক হানী সিঙ (Honey Singh)ৰ সৈতে তেওঁৰ নতুন সংগীত ভিডিঅ' 'কাঁটা লগা' (Kanta Langa)ৰ প্ৰচাৰৰ বাবে অনুষ্ঠানটোত উপস্থিত আছিল। সকলো প্ৰতিযোগীয়ে অনুষ্ঠানটোৰ সময়ত সকলো বিচাৰকক সুন্দৰ নৃত্য প্ৰদৰ্শনেৰে মনোৰঞ্জন দিছিল। নেহা কক্কৰে এজনী সৰু ছোৱালীৰ নৃত্য ইমান ভাল পাইছিল যে স্বামী ৰোহনপ্ৰীত (Rohanpreet)ক এনে এটি সন্তান পাবৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল।
'ডান্স দিৱানে-৩' অনুষ্ঠানত মৰমলগা প্ৰতিযোগী গুঞ্জনৰ নৃত্য চোৱাৰ পিছত নেহা কক্কৰ ইমান আনন্দিত হৈছিল যে তেওঁ গুঞ্জনক প্ৰশংসা কৰি কৈছিল, 'ৰোহু আৰু মই এতিয়াও আমাৰ সন্তানৰ বাবে পৰিকল্পনা কৰা নাই, কিন্তু যেতিয়াই আমাৰ সন্তান হ'ব, মই গুঞ্জনৰ দৰে একে হোৱাটো বিচাৰিম।'
উল্লেখ্য যে 'ডান্স দিৱানে ৩'ত গুঞ্জন নামৰ সৰু মৰমলগা প্ৰতিযোগীগৰাকীয়ে দৰ্শকৰ লগতে অনুষ্ঠানটোত উপস্থিত সকলো অতিথি বিচাৰকক তাইৰ সুন্দৰ আৰু আকৰ্ষণীয় নৃত্যৰে মোহাচ্ছন্ন কৰি পেলাইছিল। অনুষ্ঠানটোৰ বিচাৰক, বলীউডৰ কিংবদন্তী মাধুৰী দীক্ষিত (Madhuri Dixit)ক লগ পোৱাৰ সময়ত নেহা আৱেগিক হৈ পৰিছিল৷
নেহা কক্কৰ, টনী কক্কৰ আৰু য়ো য়ো হানী সিং তিনিওজনে এটা নতুন গান মুকলি কৰিছে। 'কাঁটা লগা' গানটো মুক্তি পোৱাৰ লগে লগে ইউটিউবত খলকনি তুলিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|