• Home
  • »
  • News
  • »
  • mumbai
  • »
  • Online Fraud: সুৰাৰ প্ৰবঞ্চকে ঠগিলে বলীউড অভিনেত্ৰী শ্বাৱানা আজমীক ! টুইটযোগে সহায় বিচাৰিলে মুম্বাই আৰক্ষীৰ ...

Online Fraud: সুৰাৰ প্ৰবঞ্চকে ঠগিলে বলীউড অভিনেত্ৰী শ্বাৱানা আজমীক ! টুইটযোগে সহায় বিচাৰিলে মুম্বাই আৰক্ষীৰ ...

File Photo

File Photo

অনলাইন প্ৰৱঞ্চনাৰ ভুক্তভোগী হ'বলগীয়া হৈছে বলীউডৰ প্ৰবীণ অভিনেত্ৰী শ্বাবানা আজমী ।

  • Share this:
দেশত দৈনিক ভিন্ন অনলাইন প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ অহা দেখা যায় । সাধাৰণ মানুহৰ লগতে চেলিব্ৰেটীসকলেও বহুবাৰ অনলাইন প্ৰৱঞ্চনাৰ ভুক্তভোগী হৈছে । এইবাৰ বলীউডৰ প্ৰবীণ অভিনেত্ৰী শ্বাবানা আজমীও অনলাইন প্ৰৱঞ্চনাৰ ভুক্তভোগী হ'বলগীয়া হৈছে। যাৰ বাবে টুইটযোগে এটা বিশেষ কোম্পানীৰ পৰা সাৱধান হৈ থাকিবলৈ সতৰ্ক কৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে ।

দৰাচলতে শ্বাবানা আজমীয়ে সুৰাৰ যোগান ধৰা অনলাইন প্লেটফৰ্মৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। টুইযোগে অভিনেত্ৰীগৰাকীয়ে এই অভিযোগ উত্থাপন কৰে সুৰা প্ৰদান কৰা এপটোৰ বিৰুদ্ধে । লগতে তেওঁ ডেলিভাৰী কৰা কোম্পানীৰ কথাও উল্লেখ কৰিছে।

শ্বাবানাই তেওঁৰ টুইটত দাবী কৰিছিল যে তেওঁ 'লিভিং লিকুইডছ'ত এটা অৰ্ডাৰ দিছিল আৰু ইয়াৰ বাবে ধনো পৰিশোধ কৰিছিল, কিন্তু সামগ্ৰীবোৰ তেওঁক বিতৰণ কৰা হোৱা নাছিল। তেওঁৰ অৰ্ডাৰৰ বাবে কৰা পৰিশোধৰ বিষয়ে তথ্য শ্বেয়াই কৰি তেওঁ এটা টুইটত লিখিছিল, 'সাৱধান, তেওঁলোকে মোক প্ৰতাৰণা কৰিছিল। 'লিভিং লিকুইডছ'ক মই ধন পৰিশোধ কৰিছিলো কিন্তু অর্ডাৰ কৰা সামগ্ৰী তেওঁলোকে নপঠিয়ালে আনকি তেওঁলোকে মোৰ ফোন উঠোৱাও বন্ধ কৰি দিয়ে । অভিনেত্রীগৰাকীয়ে ইয়াৰ বাবদ কিমান টকা পৰিশোধ কৰিছিল সেয়া উল্লেখ কৰিছে যদিও তেওঁ অভিযোগ দাখিল কৰিছে নে নাই, সেয়া কোৱাৰ পৰা বিৰত থাকে ।

ইয়াৰ পিছতে শ্বাবানাই একেটা বিষয়ত আন এটা টুইট কৰিছিল। য'ত তেওঁ লিখিছে, "লিভিং লিকুইডৰ গৰাকীসকল"ৰ তথ্য বিচাৰি উলিওৱা হৈছে আৰু এইটোও পোৱা গৈছে যে যিসকলে মোক প্ৰতাৰণা কৰিছিল তেওঁলোক প্ৰৱঞ্চক। তেওঁলোকৰ 'লিভিং লিকুইডৰ'ৰ সৈতে কোনো সম্পৰ্ক নাই! এই দুৰ্বৃত্তসকলক বৈধ ব্যৱসায়ৰ নাম ব্যৱহাৰ কৰা আৰু আমাক প্ৰতাৰণা কৰাৰ পৰা বিৰত ৰাখিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ মই মুম্বাই আৰক্ষী আৰু আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাক অনুৰোধ জনাইছো।

লক্ষ্যণীয় যে, শ্বাবানাৰ পূৰ্বে অক্ষয় খান্না, নাৰ্গিছ ফখৰী আৰু কৰণ সিং গ্ৰোভাৰকে ধৰি বহু বলিউড অভিনেতা অনলাইন প্ৰৱঞ্চনাৰ বলি হৈছে।
Published by:Kokil Sarma
First published: